প্ৰতিবাদী কৃষকক পুনৰ আনুষ্ঠানিক আলোচনাৰ বাবে আমন্ত্ৰণ জনালে চৰকাৰে

a8b87aafde5f99712c04d6ba0a0b4c2e18b6d53699826b14ea7fbc2d644e8bb2

তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে দিল্লীত নিৰন্তৰ আন্দোলন চলাই যোৱা কৃষকসকলক পুনৰ আনুষ্ঠানিক আলোচনাৰ বাবে আমন্ত্ৰণ জনালে কেন্দ্ৰীয় চৰকাৰে।

সেইমৰ্মে বুধবাৰে দিনৰ ২ বজাত নতুন দিল্লীত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টমাৰ আৰু পিয়ুষ গোলৱেলৰ সৈতে কৃষক সংগঠনৰ প্ৰতিনিধিয়ে আলোচনা চলাব।

প্ৰতিবাদী কৃষকসকলে আজি পুনৰ এই কথা স্পষ্ট কৰি দিয়ে যে কোনো কাৰণতে তেওঁলোকে কৃষি আইনৰ সংশোধনী মানি নলয়।

আইন কেইখন বাতিল হ’বই লাগিব বুলি তেওঁলোকে পুনৰ কৈছে। ইপিনে কৃষকৰ পক্ষত এইবাৰ থিয় দিছে এনডিএৰ অন্যতম সহযোগী দল ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক দল।

ৰাজস্থানৰ এই দলটোৰ মুৰব্বী  তথা সাংসদ হনুমান বেনিওৱালে কয় যে কৃষকৰ স্বাৰ্থতে তেওঁৰ দলে এনডিএ ত্যাগ কৰি কৃষকৰ সৈতে আন্দোলনত চামিল হৈছে।

নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লীৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ ভৱিষ্যত কাৰ্যপন্থা কি হ’ব সেই কথা ২৯ ডিচেম্বৰৰ আলোচনাত স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

চৰকাৰে আলোচনাৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ সম্পৰ্কে কৃষকসকলে আজি বিতংভাৱে আলোচনা কৰে।

প্ৰতিবাদকাৰী কৃষকসকলক মাসনিকভাৱে শক্তি দিয়াৰ উদ্দেশ্যে  মহাৰাষ্ট্ৰৰ বিভিন্ন কৃষক সংগঠনসকলে কাৰ্যসূচীৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে অলপতে কৃষি মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা ৪০টা কৃষক সংগঠনক চিঠি প্ৰেৰণ কৰি আলোচনাৰ বাবে এটা দিন ধাৰ্য কৰিবলৈ কোৱা হৈছিল।

ইয়াৰ উপৰি কৃষকসকলে নতুন কৃষি আইন কেইখনকলৈ কি কি বিষয়ত অসন্তুষ্ট সেই বিষয়েও বিস্তৃত ৰূপত জনাবলৈ চিঠিখনৰ জৰিয়তে আহ্বান জনোৱা হৈছিল।

স্মৰ্তব্য যে শেষবাৰৰ বাবে যোৱা ৯ ডিচেম্বৰত চৰকাৰ আৰু প্ৰতিবাদকাৰী কৃষকৰ মাজত আলোচনা হৈছিল যদিও সেই আলোচনা বিফল হোৱাত তেতিয়াৰে পৰা আৰু দুয়োপক্ষৰ মাজত কোনো আলোচনা হোৱা নাই।

উল্লেখ্য যে যোৱা ৯ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰে কৃষক সংগঠন সমূহলৈ এখন ড্ৰাফ্ট পঠাইছিল, য’ত আঠটা বিষয় বাচনি কৰি কৃষি আইনত সংশোধন কৰিব বুলি উল্লেখ কৰিছিল।

কিন্তু কৃষক সংগঠন সমূহে চৰকাৰৰ এই প্ৰস্তাৱ নাকচ কৰে। তেওঁলোকৰ এটাই দাবী যে প্ৰথমে নতুন কৃষি আইন কেইখন বাতিল কৰক।