মুছলমান অধ্যুষিত অঞ্চলসমূহক চৰকাৰে নিষিদ্ধ ঘোষণা কৰিব লাগে : মুমিনুল আৱাল

‘অসমত মুছলমান মানুহৰ দ্বাৰা ক’ৰ’না বিয়পী পৰিছে বুলি স্পষ্ট হৈ পৰিছে। মুছলমান অধ্যুষিত অঞ্চলসমূহক চৰকাৰে নিষিদ্ধ ঘোষণা কৰিব লাগে। যাতে এই অঞ্চলৰ পৰা এনেধৰণৰ বেমাৰ বিয়পিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে চৰকাৰ কঠোৰ হ’ব লাগে।‘ নিজামুদ্দিনৰ জামাতত অংশগ্ৰহণ কৰিবলৈ যোৱা ১৬ গৰাকী মুছলমান লোকৰ দেহত কভিড-১৯ ৰোগ ধৰা পৰাৰ পাছতে ফেইচবুক লাইভৰ জৰিয়তে এই মন্তব্য কৰে সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে।

তদুপৰি, মাদ্ৰাছা আৰু মছজিদৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অধিক নজৰ দিব লাগে বুলি দাবী কৰি লগতে কয় ‘মাদ্ৰাছা আৰু মছজিদ সমূহত চৰকাৰে তালাচী চলোৱাৰ ব্যৱস্থা কৰিব লাগে। লগতে তবলিগী জামাত নিষিদ্ধ কৰিব লাগে।‘

ফেইচবুক লাইভটোত আৱালে আৰু কয় ‘ময়ো এজন ইছলামধৰ্মী মানুহ যদিও এটা কথা উপলব্ধি কৰো যে অধিকাংশ ইছলামধৰ্মী লোকে বিজেপিক বেয়া পায় আৰু নৰেন্দ্ৰ মোদীক বেয়া পায়। সেইকাৰণে চৰকাৰে দিয়া নিৰ্দেশনা নামানো নুবুজো আৰু নুশুনো হৈ আছে। এনেধৰণৰ মানসিকতা লৈ থকাৰ কাৰণে এনেকুৱাধৰণৰ পৰিস্থিতি আহি পৰিছে।‘

আৱালৰ মতে ‘অসমৰ বুদ্ধিজীৱীসকলেও চৰকাৰৰ এই প্ৰচেষ্টাত হিন্দুত্বৰ গোন্ধ পাইছে।‘

ইপিনে, সুৰুঙা বুজি আৱালে মৌলৱীসকলকো আক্ৰমণৰ লক্ষ্য কৰি কয় ‘মুছলমানৰ মৌলৱীসকলে গোড়ামীৰে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে যে আল্লাই আমাক বচাব, আল্লাই আমাক ৰেহেম কৰিব। ৰাজ্য চৰকাৰ অধিক কঠোৰ হোৱাৰ প্ৰয়োজন আছে।

তেওঁ লগতে কয় ‘জমিয়তৰ সম্পাদক ফজলুল কৰিম কাছিমী, এআইয়ুডিএফৰ বিধায়ক আমিনুল ইছলাম আৰু গোলাঘাট বাতিকুৰীয়াৰ আশ্বিক ইলাহীয়ে বুধবাৰে বিভিন্ন ভুল তথ্যৰে মানুহৰ সন্মুখত বিভ্ৰান্তিমূলক পৰিৱেশৰ সৃষ্টি কৰিছে। এয়া তেওঁলোকে জানি-বুজি কৰা চক্ৰান্ত। এই তিনিজন ব্যক্তিৰ ওপৰত চৰকাৰে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।‘