NORTHEAST NOW (Assamese)

সংকটত পাকিস্তান; এইবাৰ ৰাজভৱন মুকলি কৰি দিয়া হ’ল বিবাহ অনুষ্ঠানৰ বাবে

March 13, 2020 5:57 pm · এন ই নাও নিউজ
ইমৰান খান, উৎস-ইণ্টাৰনেট

ইমৰাণ খান চৰকাৰে পাকিস্তানৰ নিম্নগামী অৰ্থনীতি পুনৰুদ্ধাৰ আৰু চৰকাৰৰ ওপৰৰ বোজা হ্ৰাসৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

চৰকাৰী ৰাজসাহায্য বৃদ্ধিৰ বাবে শেহতীয়াকৈ পাকিস্তানৰ পাঞ্জাৱৰ ৰাজ্যপাল চৌধুৰী মহম্মদ চৰৱাৰে ৰাজভৱনৰ দুৱাৰ বিবাহ পাৰ্টি আৰু অন্যান্য ব্যৱসায়িক পাৰ্টিৰ বাবে মুকলি কৰাৰ কথা ঘোষণা কৰে।

‘‘যিসকল লোকে নিজৰ বিবাহ অনুষ্ঠানকে ধৰি ব্যৱসায়িক পাৰ্টিক ঐতিহাসিক স্থানত অনুষ্ঠিত কৰি স্মৰণীয় কৰি ৰাখিব বিচাৰে তেওঁলোকৰ বাবে এতিয়া সেই দুৱাৰ মুকলি হৈ পৰিল,’’ ৰাজ্যপাল চৌধুৰী মহম্মদ চৰৱাৰে বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি কয়।

ঘোষণা অনুসৰি ৰাজভৱনৰ বাগিছাকে ধৰি আট্টালিকাত অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলে ১০ লাখ টকা আদায় দিয়াৰ বিপৰীতে দৰবাৰ হলত অনুষ্ঠান আয়োজন কৰিলে ৫ লাখ টকা আদায় দিব লাগিব বুলি জানিব পৰা গৈছে।

তাৰোপৰি, বিবাহ অনুষ্ঠানত ফটোগ্ৰাফীৰ বাবে ৫০,০০০ টকা আৰু ব্যৱসায়িক ফটোগ্ৰাফীৰ বাবে ১০ লাখ টকা আদায় দিব লাগিব।

বিবাহ আৰু অন্যান্য অনুষ্ঠানৰ উপৰিও ৰাজভৱন সাধাৰণ মানুহৰ বাবেও মুকলি কৰি দিয়া হৈছে।

প্ৰতি ১০ গৰাকী পৰ্যটকৰ বিপৰীতে এগৰাকী গাইড থাকিব ৰাজভৱন দেখুৱাবৰ বাবে।

ৰাজভৱনত অনুষ্ঠিত হোৱা বিভিন্ন অনুষ্ঠানৰ জৰিয়তে আদায় হোৱা ধন প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ ৰাজকোষত জমা ৰখা হ’ব।

Related News