মৰিগাঁও জিলাক প্ৰতিপালনৰ দায়িত্ব ল’লে ৰাজ্যপাল জগদীশ মুখীয়ে

মঙলবাৰে এক দিনযোৰা কাৰ্যসূচীৰে মৰিগাঁও জিলাত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী। জিলাখনত ৰাজ্যিক পশুপালন তথা চিকিৎসা বিভাগৰ কাম-কাজৰ মূল্যায়নৰ বাবে উপস্থিত হয় ৰাজ্যপাল গৰাকী।

জিলাখনত উপস্থিত হৈয়ে ৰাজ্যপাল গৰাকীয়ে জিলাখনৰ ছাগলী পালক পিংকু ডেকাৰ ছাগলী ফাৰ্ম পৰিদৰ্শন কৰে। লগতে ভাতৃদ্বয়ৰ সৈতে ৰাজ্যপাল গৰাকীয়ে ছাগলী ফাৰ্মৰ প্ৰসংগত মত-বিনিময়ো কৰে।

ৰাজ্যপাল মুখীয়ে ভাতৃদ্বয়ৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰাৰ লগতে জিলাখনৰ প্ৰতিটো পৰিয়ালক অতি কমেও দুজনীকৈ ছাগলী পালন কৰিবলৈ আহ্বান জনায়।

পিছত ৰাজ্যপাল গৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এক সংবাদমেলত কয় যে, অসম এখন কৃষি প্ৰধান ৰাজ্য। কিন্তু তাৰ পিছতো অসম অন্যান্য ৰাজ্যসমূহৰ তুলনাত পিছ পৰি আছে।’

সংবাদমেলতে ৰাজ্যপাল গৰাকীয়ে কৃষি তথা গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলাখনৰ প্ৰতিপালনৰ দায়িত্ব ব্যক্তিগতভাৱে তেওঁ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

লগতে সংবাদমেলতে ৰাজ্যপাল গৰাকীয়ে ২০২২ চনৰ ভিতৰত মৰিগাঁও জিলাৰ কৃষকৰ আয় দুগুণ কৰাটোৱে তেওঁৰ লক্ষ্য বুলিও উল্লেখ কৰে।