NORTHEAST NOW (Assamese)

পুনৰ অসাংবিধানিক মন্তব্য সাংবিধানিক পদত থকা মেঘালয়ৰ ৰাজ্যপালৰ; ‘কাশ্মীৰী’ সকলো বৰ্জনৰ আহ্বান

February 19, 2019 11:34 pm · এন ই নাও নিউজ
Updated: February 20, 2019 7:36 am
তথাগত ৰয়। ফাইল ফটো।

ৰাজ্যপালৰ দৰে উচ্চ সাংবিধানিক পদত থাকিও সততে অসাংবিধানিক মন্তব্য কৰাৰ অভ্যাস থকা মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়ে পুনৰ এটা বিতৰ্কিত মন্তব্য কৰে নিজৰ টুইটাৰত। “কাশ্মীৰৰ সকলো বৰ্জন কৰক” বুলি আহ্বান দিয়া ৰাজ্যপালজনৰ টুইটটোৱে বিতৰ্কৰ সৃষ্টি কৰিছে।

“কাশ্মীৰ ভ্ৰমণৰ পৰা বিৰত থাকক, অহা দুবছৰলৈ অমৰনাথলৈ নাযাব, কাশ্মীৰী দোকানৰ পৰা বা কাশ্মীৰী বেপাৰীৰ পৰা বস্তু নিকিনিব, কাশ্মীৰৰ সকলো বস্তুৱেই বৰ্জন কৰক”, ভাৰতীয় সেনাৰ এজন অৱসৰপ্ৰাপ্ত কৰ্নেলৰ অভিমত বুলি দাবী কৰি ৰাজ্যপালজনে নিজৰ টুইটটোত ইয়াক উদ্ধৃত কৰে। তাৰ শেষত তেওঁ কয়, “মই এইটোত সহমত প্ৰকাশ কৰো”।

৪০জন চি আৰ পি এফ জোৱান চহিদ হোৱা পুলৱামাৰ ভয়ংকৰ বিস্ফোৰণৰ পিছত কাশ্মীৰীসকলক দেশৰ বিভিন্ন ঠাইত হাৰাশাস্তি কৰাৰ ঘটনা ঘটি থকাৰ মাজতে বিজেপিৰ নেতা তথা ৰাজ্যপাল তথাগত ৰয়ৰ এই বিতৰ্কিত মন্তব্যই ধৰ্মীয় ঘৃণা আৰু বিদ্বেষ প্ৰসাৰিত কৰিব বুলি শংকা কৰিছে সচেতন মহলে। তেওঁৰ এই মন্তব্যত এজন তুলুঙা চিন্তাৰ অপৰিপক্ব মানুহৰ প্ৰতিফলন ঘটা বুলিও কোৱা হৈছে।

আনহাতে চোকা প্ৰতিক্ৰিয়া পোৱাৰ পিছত ৰাজ্যপাল তথাগত ৰয়ে আন এটা টুইট কৰে, যিটোত তেওঁ নিজৰ আগৰ পোষ্টটোক আপত্তিকৰ বুলিবলৈ নাৰাজ হয়। তেওঁ ইয়াক কাশ্মীৰত ভাৰতীয় সেনাক কৰা হত্যা আৰু ৩.৫ লাখ কাশ্মীৰী পণ্ডিতক বিতাড়নৰ বিৰুদ্ধে অহিংস প্ৰতিক্ৰিয়া বুলি কয়।

“আমাৰ সৈনিকসকলক কৰা হত্যা আৰু ৩.৫ লাখ কাশ্মীৰী পণ্ডিতক বিতাড়নৰ এটা সম্পূৰ্ণ অহিংস প্ৰতিক্ৰিয়া,” টুইটটো সন্দৰ্ভত আত্মপক্ষ সমৰ্থনেৰে যুক্তি ৰাজ্যপালজনৰ।

তেওঁৰ টুইটটোৰ প্ৰতিক্ৰিয়া ‘কোলাহলপূৰ্ণ আৰু নৃশংস’ ধৰণে কৰা বুলি মিডিয়াৰ বিৰুদ্ধে অভিযোগ তোলে ৰাজ্যপালজনে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে তথাগত ৰয়ে পূৰ্বেও অতি বিতৰ্কিত মন্তব্য কৰাৰ নজিৰ আছে। আৰ এছ এছৰো কৰ্মী ৰয়ে ঘাইকৈ ধৰ্মীয় বিদ্বেষ আৰু বিভাজনমূলক মন্তব্য কৰাত অভ্যস্ত।

ইপিনে দেশৰ কিছু কিছু অংশত আৰু কিছু কিছু জন সমষ্টিৰ মাজত কাশ্মীৰ বিস্ফোৰণৰ পিছত সৃষ্টি হোৱা ঘৃণাৰ পৰিৱেশক তল পেলাই মুক্ত মন আৰু বহল হৃদয় লৈ ওলাই আহিছে সচেতন লোকসকল। আৰু #AntiHateChallenge আদি হেছটেগৰ ব্যৱহাৰ ব্যাপক ৰূপত দেখা গৈছে ছ’চিয়েল মিডিয়াত। সংবাদজগত, ছাত্ৰ সমাজ, লেখকসমাজ আদি বিভিন্ন ক্ষেত্ৰৰ লোকসকলক হিন্দুত্ববাদ আৰু ৰাষ্ট্ৰবাদৰ উৎকট অনুশীলনৰ বিপৰীত মেৰুত দেখা গৈছে।

ভাৰতীয় সমাজৰ এই ইতিবাচক দিশটো আজি বিবিচিত গুৰুত্ব সহকাৰে প্ৰকাশ হোৱাৰ লগতে এই বাতৰি ট্ৰেণ্ডত থকা দেখা গৈছে।

Related News