NORTHEAST NOW (Assamese)

অসম সন্তান মৃদুপৱন দাসক ৰাৱাণ্ডাত পৰৱৰ্তী ভাৰতীয় উচ্চায়ুক্ত নিযুক্তি; ২০০৪ চনৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া দাস

August 1, 2024 12:20 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 1, 2024 12:21 pm

অসমবাসীৰ বাবে এক সুখবৰ! ২০০৪ চনৰ ভাৰতীয় বৈদেশিক সেৱাৰ (আই এফ এছ) বিষয়া মৃদুপৱন দাসক ৰাৱাণ্ডাত ভাৰতৰ পৰৱৰ্তী উচ্চায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

বৰ্তমান দাসে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত ঘোষণা কৰে যে, “বৰ্তমান মন্ত্ৰালয়ৰ যুটীয়া সচিব মৃদুপৱন দাস (আই এফ এছ:২০০৪)ক ৰাৱাণ্ডা গণৰাজ্যৰ ভাৰতৰ পৰৱৰ্তী উচ্চায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

দাসে অতি শীঘ্ৰেই এই দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

Related News