• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰৰ নিবনুৱাক ললিপপ: চাকৰি প্ৰাৰ্থীৰ বয়স বঢ়াওক চাৰি ৪ বছৰ কমালেহে!

২০১৮ত আছিল ৪৪ বছৰ, এতিয়া হ'লগৈ ৪০ বছৰ! হিমন্তৰ টুইটে কি সূচায়?

দুলাল মিশ্ৰ by দুলাল মিশ্ৰ
September 5, 2020 7:32 pm
latest-fro
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ২৬ লাখ নিবনুৱাক চাকৰি দিয়া হ’ব বুলি ঘোষণা কৰিছিল বৰ্তমানৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিজেপিৰ এই গৰাকী নেতাৰ ঘোষণাৰ পিছত লুইতেৰে বহু পানী বাগৰি গ’ল, বাগৰিল দিন-মাহ-বছৰ। কিন্তু আজিলৈকে অসমৰ ২৬ লাখ নিৱনুৱাই নাপালে কোনো কৰ্মসংস্থাপন।

চাকৰি দিয়াৰ নামত কেৱল পূৰ্বে অস্থায়ী ভিত্তিত কাম কৰি থকা একাংশ শিক্ষকৰ চাকৰি নিয়মীয়া কৰিয়েই শিক্ষা তথা বিত্ত মন্ত্ৰী গৰাকীয়ে বাহঃ বাহঃ লোৱাৰ চেষ্টা চলালে।

বিগত প্ৰায় চাৰিটা বছৰ ধৰি ৰাজ্যৰ নিবনুৱাৰ সংস্থাপনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰাত এক প্ৰকাৰ ব্যৰ্থ হোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিবনুৱা যুৱক-যুৱতীসকলক আশ্বস্ত কৰাৰ বাবে কেতবোৰ ঘোষণা কৰাত ব্যস্ত হৈ পৰিছে।

এনে ব্যস্ততাৰ মাজতে চৰকাৰৰ বহু মন্ত্ৰীয়ে পাহৰি পেলাইছে নিৰ্বাচনৰ পূৰ্বে আৰু নিৰ্বাচনৰ পিছত তেওঁলোকে নিবনুৱাকলৈ কি ঘোষণা কৰিছিল বা কেনে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

3/ In my Budget speech I had also announced that entry age for grade 3 and 4 posts will be increased from existing 38 to 44 years. I am pleased to share that the Personnel Department has issued notification for such relaxation except for police Constable post

— Himanta Biswa Sarma (@himantabiswa) May 21, 2018

ৰাজ্যত কৰ্ম সংস্থাপন সৃষ্টিত ব্যৰ্থ হোৱা চৰকাৰখনে এদিন নিবনুৱাৰ বাবে নিজে গ্ৰহণ কৰা সিদ্ধান্তকেই পাহৰি পেলাইছে।

সেয়ে নিবনুৱাক আশ্বস্ত কৰিবলৈ চৰকাৰখনে নতুন বটলত পুৰণি মদ ভৰোৱাৰ নীতি গ্ৰহণ কৰিছে বুলি আলোচনা হৈছে।

শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা ৪০ বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱো গ্ৰহণ কৰিছে।

কিন্তু লক্ষ্যণীয় কথাটো হ’ল ২০১৮ চনতে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এটা বিশেষ টুইটে এতিয়া নিবনুৱাসকলৰ সন্মুখত চৰকাৰৰ স্ববিৰোধী স্থিতিকেই প্ৰমাণ কৰিছে।

২০১৮ চনৰ ২১ মে’ত হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বয়সৰ সৰ্বোচ্চ সীমা ৩৮ৰ পৰা ৪৪লৈ বৃদ্ধি কৰা হৈছে।

সেই মৰ্মে ২০১৮ চনৰ ২১ ডিচেম্বৰত শিক্ষা বিভাগকে ধৰি আন কেইবাটাও বিভাগে প্ৰকাশ কৰা বিজ্ঞাপনত চাকৰিৰ বয়সর সৰ্বোচ্চ সীমা ৪৪ বুলিয়েই উল্লেখ কৰিছিল।

ইমানৰ পিছতো পুনৰ চৰকাৰে পুৰণি মদকে নতুন বটলত ভৰাই নিবনুৱাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা বুলি দেখুওৱাৰ আঁৰত কি ৰহস্য লুকাই আছে তাকে ভাবিহে আচৰিত হৈছে জনতা।

হিমন্ত বিশ্বই কৰা টুইটত স্পষ্টভাৱে উল্লেখ আছিল যে পাৰ্ছ’নেল ডিপাৰ্টমেণ্টে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা ৪৪ লৈ বৃদ্ধিৰ জাননী জাৰি কৰিছে।

শিক্ষা বিভাগেও বিত্ত বিভাগৰ জাননী EEG.32/2016/12 Dated 21st May, 2018 of Finance (Esstt.-A) Department, Govt. of Assam ৰ ভিত্তিত বিজ্ঞাপনত চাকৰি প্ৰাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা ৪৪ বুলিয়েই উল্লেখ কৰিছিল। তৎসত্বেও এতিয়া বয়স কিয় চাৰিবছৰ কমোৱা হ’ল তাকে লৈয়ো প্ৰশ্নৰ উদয় হৈছে। সচেতন মহলে সেয়ে চৰকাৰে বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব বুলি আশা কৰিছে।

দুলাল মিশ্ৰ

দুলাল মিশ্ৰ

Stay Connected

  • 117k Fans

Recent News

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

September 1, 2025 9:32 pm
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

September 1, 2025 8:50 pm
নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

September 1, 2025 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

September 1, 2025 9:32 pm
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd