এতিয়া সমগ্ৰ দেশৰ টোল প্লাজাসমূহত FASTag ৰ জৰিয়তে টোল সংগ্ৰহ কৰা হয়। বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিভ্ৰান্তি বিয়পি পৰিছে যে ১ মে’ৰ পৰা FASTag ৰ পৰিৱৰ্তে উপগ্ৰহ ভিত্তিক টোলিং ব্যৱস্থাৰ জৰিয়তে টোল সংগ্ৰহ কৰা হ’ব।
শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে বিষয়টো স্পষ্ট কৰি দিয়ে। সমগ্ৰ দেশতে উপগ্ৰহ ভিত্তিক টোলিং ব্যৱস্থা প্ৰৱৰ্তনৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি চৰকাৰে অৱগত কৰিছে। ১ মে’ৰ পৰা FASTag আঁতৰোৱা নহ’ব। অৰ্থাৎ যিদৰে টোল সংগ্ৰহ প্ৰক্ৰিয়া চলি আছিল, মে’ মাহতো তেনেদৰেই চলি থাকিব।
বৰ্তমান FASTag ব্যৱস্থাৰ জৰিয়তে টোল সংগ্ৰহ কৰা হয়। প্ৰতিখন বাহনৰ সন্মুখত FASTag লগোৱা থাকে। টোল প্লাজাৰ কেমেৰাৰ দ্বাৰা ক’ড স্কেন কৰাৰ পিছত গাড়ীৰ মালিকৰ একাউণ্টৰ পৰা ধন কৰ্তন কৰা হয়। ফলত টোল প্লাজাত দীৰ্ঘ সময় ৰৈ থকাৰ সমস্যা পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে।
কেন্দ্ৰই টোল সংগ্ৰহ মসৃণ কৰাৰ লগতে সময় ৰাহি কৰিবলৈ স্বয়ংক্ৰিয় নম্বৰ প্লেট চিনাক্তকৰণ (এপিএনআৰ) প্ৰযুক্তিৰ প্ৰৱৰ্তনৰ বাবে চেষ্টা চলাইছে। এই পদ্ধতিত উচ্চমানৰ কেমেৰা ব্যৱহাৰ কৰি বাহনৰ নম্বৰ প্লেট ৰীড কৰা হ’ব। ইয়াৰ পিছত FASTag একাউণ্টৰ পৰা ধন স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ’ব। এই ব্যৱস্থা কাৰ্যকৰী হ’লে কোনো বাহন আৰু টোল প্লাজাত ৰখাব নালাগিব।
অৱশ্যে সমগ্ৰ দেশতে এপিএনআৰৰ জৰিয়তে টোল সংগ্ৰহ ব্যৱস্থা এতিয়াই আৰম্ভ নহ’ব। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পৰ্যায়ক্ৰমে আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰথম পৰ্যায়ত সমগ্ৰ দেশৰ কেইখনমান টোল প্লাজাত পৰীক্ষামূলকভাৱে ইয়াক মুকলি কৰা হ’ব। ইয়াৰ বাবে ইতিমধ্যে NHAI-এ নিবিদা আহ্বান কৰিছে। পৰীক্ষামূলকভাৱে ৰূপায়ণৰ পিছত সুবিধা-অসুবিধাসমূহ চালিজাৰি চাই সমগ্ৰ দেশতে এই ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা হ’ব। দেশৰ বিভিন্ন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ১১৫০ টা টোল প্লাজাত চলি আছে FASTag ব্যৱস্থা।