• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১ মে’ৰ পৰা বিলুপ্ত হ’ব নেকি FASTag ব্যৱস্থা? বাহনৰ টোল সংগ্ৰহ সন্দৰ্ভত কি জনালে কেন্দ্ৰই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2025 3:07 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়া সমগ্ৰ দেশৰ টোল প্লাজাসমূহত FASTag ৰ জৰিয়তে টোল সংগ্ৰহ কৰা হয়। বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিভ্ৰান্তি বিয়পি পৰিছে যে ১ মে’ৰ পৰা FASTag ৰ পৰিৱৰ্তে উপগ্ৰহ ভিত্তিক টোলিং ব্যৱস্থাৰ জৰিয়তে টোল সংগ্ৰহ কৰা হ’ব।

শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে বিষয়টো স্পষ্ট কৰি দিয়ে। সমগ্ৰ দেশতে উপগ্ৰহ ভিত্তিক টোলিং ব্যৱস্থা প্ৰৱৰ্তনৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি চৰকাৰে অৱগত কৰিছে। ১ মে’ৰ পৰা FASTag আঁতৰোৱা নহ’ব। অৰ্থাৎ যিদৰে টোল সংগ্ৰহ প্ৰক্ৰিয়া চলি আছিল, মে’ মাহতো তেনেদৰেই চলি থাকিব।

Apply Now

বৰ্তমান FASTag ব্যৱস্থাৰ জৰিয়তে টোল সংগ্ৰহ কৰা হয়। প্ৰতিখন বাহনৰ সন্মুখত FASTag লগোৱা থাকে। টোল প্লাজাৰ কেমেৰাৰ দ্বাৰা ক’ড স্কেন কৰাৰ পিছত গাড়ীৰ মালিকৰ একাউণ্টৰ পৰা ধন কৰ্তন কৰা হয়। ফলত টোল প্লাজাত দীৰ্ঘ সময় ৰৈ থকাৰ সমস্যা পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে।

কেন্দ্ৰই টোল সংগ্ৰহ মসৃণ কৰাৰ লগতে সময় ৰাহি কৰিবলৈ স্বয়ংক্ৰিয় নম্বৰ প্লেট চিনাক্তকৰণ (এপিএনআৰ) প্ৰযুক্তিৰ প্ৰৱৰ্তনৰ বাবে চেষ্টা চলাইছে। এই পদ্ধতিত উচ্চমানৰ কেমেৰা ব্যৱহাৰ কৰি বাহনৰ নম্বৰ প্লেট ৰীড কৰা হ’ব। ইয়াৰ পিছত FASTag একাউণ্টৰ পৰা ধন স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ’ব। এই ব্যৱস্থা কাৰ্যকৰী হ’লে কোনো বাহন আৰু টোল প্লাজাত ৰখাব নালাগিব।

অৱশ্যে সমগ্ৰ দেশতে এপিএনআৰৰ জৰিয়তে টোল সংগ্ৰহ ব্যৱস্থা এতিয়াই আৰম্ভ নহ’ব। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পৰ্যায়ক্ৰমে আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰথম পৰ্যায়ত সমগ্ৰ দেশৰ কেইখনমান টোল প্লাজাত পৰীক্ষামূলকভাৱে ইয়াক মুকলি কৰা হ’ব। ইয়াৰ বাবে ইতিমধ্যে NHAI-এ নিবিদা আহ্বান কৰিছে। পৰীক্ষামূলকভাৱে ৰূপায়ণৰ পিছত সুবিধা-অসুবিধাসমূহ চালিজাৰি চাই সমগ্ৰ দেশতে এই ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা হ’ব। দেশৰ বিভিন্ন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ১১৫০ টা টোল প্লাজাত চলি আছে FASTag ব্যৱস্থা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm
বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd