সত্ৰৰ ভুমি বেদখলমুক্ত কৰাত ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ :ৰাজহ মন্ত্ৰী ভবেশ কলিতা

barpeta Bhabesh Kalita.photo

বৰপেটাৰ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ স্থাপিত গণককুছি সত্ৰত নৱনিৰ্মিত শ্ৰীশ্ৰীৰাম আতাৰ ভিঠিৰ দ্বাৰ মুকলি কৰা মুহূৰ্তত মন্ত্ৰী ভৱেশ কলিতা। ফটো : নৰ্থইষ্ট নাও

“অসমৰ সত্ৰ সমূহৰ বেদখলকৃত ভূমি উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰ বদ্ধ পৰিকৰ ৷ সত্ৰবোৰৰ বেদখলকৃত ভূমি উদ্ধাৰ কৰিবলৈ চৰকাৰে অগ্ৰাধিকাৰ দিয়াৰ বাবে ইতিমধ্যে কেবাখনো সত্ৰৰ বেদখলকৃত ভুমি বেদখলমুক্ত কৰা হৈছে ৷” এই মন্তব্য ৰাজহ ,দুৰ্যোগ প্ৰশমন আৰু জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ ৷

শুকুৰবাৰে সত্ৰনগৰী বৰপেটাৰ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত গণককুছি সত্ৰত নৱনিৰ্মিত শ্ৰীশ্ৰীৰাম আতাৰ ভিঠিৰ দ্বাৰ মুকলি কৰি সাংবাদিকৰ আগত মন্ত্ৰী গৰাকীয়ে সত্ৰৰ ভূমি সন্দৰ্ভত এই কথা সদৰী কৰে ৷

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ ৰাজ্যত সৃষ্টি হোৱা আন্দোলন সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে হিংসাৰ আশ্ৰয় নোলোৱাকৈ গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ সকলোৰে অধিকাৰ আছে ৷ অসমত অশান্তি সৃষ্টি কৰাৰ আঁৰত কংগ্ৰেছ আৰু কমিউনিষ্টৰ হাত আছে বুলি মন্ত্ৰী গৰাকীয়েও অভিযোগ কৰে ৷

উল্লেখ্য যে, জীৱন্ত মুকুট শ্ৰীশ্ৰীৰাম আতাৰ ভিঠিৰ দ্বাৰ মুকলি কৰে মন্ত্ৰী ভবেশ কলিতাই ৷ ভিঠিত আসন প্ৰতিষ্ঠা কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷ আনহাতে, শ্ৰীৰাম আতৈৰ ভিঠিৰ দ্বাৰ উন্মোচন কৰে বি জে পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (উত্তৰ পূব) অজয় জামোৱালে ৷ ভিঠিত আসন প্ৰতিষ্ঠা কৰে সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰীয়া জগন্নাথ দেৱ অধিকাৰীয়ে ৷

ইপিনে, সত্ৰত স্থাপন কৰা যাদুঘৰৰ দ্বাৰ উন্মোচন কৰে বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে ৷ এই উপলক্ষে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰ্জুন চন্দ্ৰ দাসৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷ সভাত বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাইয়ো অংশ গ্ৰহণ কৰে ৷