NORTHEAST NOW (Assamese)

ল’কডাউন আৰু প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ নকৰিলে ভাৰতত ১৫ এপ্ৰিললৈ ৮.২ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হ’লহেতেন : কেন্দ্ৰ চৰকাৰ

April 11, 2020 6:11 pm · এন ই নাও নিউজ
লাভ আগৰৱাল

ল’কডাউন আৰু সংক্ৰমণ প্ৰতিৰোধী কাৰ্য্যব্যৱস্থা অবিহনে ভাৰতত ১৫ এপ্ৰিললৈ অভিলেখ সংখ্যক ৮.২ লাখ ক’ৰ’না সংক্ৰমিত ৰোগী হ’ল হেতেন বুলি শনিবাৰে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হয়।

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিৱ লাভ আগৰৱালে সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে।

‘‘যদি ল’কডাউন ঘোষণা নকৰাকৈ আমি সংক্ৰমণ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিলোহেতেন তেনেহ’লে ১৫ এপ্ৰিললৈ ভাৰতত মুঠ ১.২ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হ’ল হেতেন,’’ আগৰৱালে লগতে কয়।

আনহাতে, চৰকাৰৰ তৰফৰ পৰা এয়া মাত্ৰ এক পৰিসংখামূলক বিশ্লেষণ কোনোধৰণৰ আই চি এম আৰে কৰা গৱেষণা নহয় বুলিও উল্লেখ কৰা হয়।

সংবাদমেলত আগৰৱালে ভাৰতত বিগত ২৪ ঘণ্টাত ১০৩৫ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলিও তথ্য দাঙি ধৰে।

উল্লেখযোগ্য যে, বৰ্তমানলৈ ভাৰতত ক’ৰ’নাত আক্ৰান্ত হোৱা লোক সকলৰ ভিতৰত ৬৪২ গৰাকী লোক আৰোগ্য হৈ উঠিছে।

Related News