• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ঠাইৰ নাম সলনিৰ সিদ্ধান্ত; যোগীক দেখি উঠিল গা শৰ্মাই বোলে মোকো চা!

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
February 17, 2022 11:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে গ্ৰহণ কৰিছে ঠাই-গাঁও-নগৰৰ নাম সলনিৰ সিদ্ধান্ত।

নাম সলনি কৰিবৰ বাবে পৰ্টেলো মুকলি কৰিব হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰে।

কালাপাহাৰ, কুকুৰমুটা, চাৰাবভাটি ইত্যাদি নাম পছন্দ নকে মুখ্যমন্ত্ৰীয়ে!

কিন্তু কিয় নাম সলাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই?

এখন ঠাইৰ নাম সলনি কৰাৰ প্ৰয়োজনীয়তা কি?

ইয়াক লৈ ব্যাপক চৰ্চা চলিছে ছ’চিয়েল মিডিয়াত। এইটো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া ফেচবুক পোষ্ট। যাৰ জৰিয়তে গাওঁ, চহৰ নগৰৰ নাম সলনি কৰিব বিচৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই পোষ্টৰ তলৰ কমেন্ট কৰি বহুতেই মুখ্যমন্ত্ৰীৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছে। কিন্তু তাৰ মাজতে একাংশ বিজেপি কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপৰ শলাগ লৈছে।

পংকজ দাস নামৰ এজনে মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্টৰ তলত কমেন্ট কৰি লিখিছে ‘হিমন্ত বিশ্ব শৰ্মাই যোগী আদিত্য নাথৰ আৰ্হিৰে শাসন আৰম্ভ কৰিছে। যোগীৰ দৰে হিমন্ত বিশ্ব শৰ্মাইয়ো ভাৱে যে ঠাইৰ নাম নদীৰ নাম সলালেই উন্নয়ন হয়।

এইখিনিতে উল্লেখ কৰিব লাগিব যে সঁচাকৈয়ে উত্তৰ প্ৰদেশৰ আৰ্হি গ্ৰহণ কৰিছে নেকি মুখ্যমন্ত্ৰী ড০ শৰ্মাই? যোগী আদিত্যনাথৰ আদৰ্শ লম্ভিছে নেকি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ গাত? কিয়নো ২০১৭ চনত শাসনলৈ আহি ২০১৮ চনত মোগলচৰাই ৰেলৱে জংচনৰ নাম সলনি কৰি দীনদয়াল উপাধ্যায় ৰেলৱে জংচন কৰিছিল যোগী আদিত্যনাথে।

ঠিক সেইদৰে এলাহাবাদৰ নাম সলনি কৰি কৰিলে প্ৰয়াগৰাজ। ইয়াৰোপৰি, ১৯৯৮ চনত গোৰখপুৰৰ সাংসদ হৈ থকা অৱস্থাত যোগী আদিত্যনাথে কেইবাখনো চহৰৰ নাম সলাইছিল যোগী আদিত্যনাথে। উৰ্দু বজাৰৰ নাম সলাই কৰিছিল হিন্দী বজাৰ।আলীনগৰৰ নাম কৰিছিল আৰ্য্য নগৰ, মিয়াবজাৰ হৈছিল মায়াবজাৰ, ইছলামপুৰ হৈছিল ঈশ্বৰপুৰ।

এতিয়া যোগী আদিত্য নাথৰ আৰ্হিৰে বাট বুলি অসমৰ গাওঁ-নগৰ চহৰৰ নাম সলাব বিচাৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইপিনে, অলাগতিয়াল কথাৰে ৰাইজক ব্যস্ত ৰখাৰ কৌশল নেকি এয়া?

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্টৰ তলত ছফিউৰ ৰহমান খানে লিখিছে…. যোগী আদিত্য নাথৰ পৰাই পৰামৰ্শ লোৱা বুলি অনুভৱ হৈছে! ক’ৰণা গ’ল যেতিয়া এতিয়া ৰাইজক আকৌ ব্যস্ত কৰিবলৈ নতুন কৌশল।

শিৱপ্ৰসাদ জকাইচুকীয়াই ইতিকিংসূচকভাৱত লিখিছে…. এই প্ৰশংসনীয় পদক্ষেপৰে নিবনুৱা যুৱকসকলক ব্যস্ত কৰাৰ ভাল সুযোগ দিছে।

ঠিক সেইদৰে প্ৰবাল বশিষ্ঠই লিখিছে … বেলেগ কাম নাই নেকি আপোনাৰ চাৰ। যদি পাৰে NRF ৰে’লৱেৰ চাকৰিত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীয়ে যে চাকৰি নাপাই সেই কথাত গুৰুত্ব দিব।

এনেদৰেই এতিয়া মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ছ’চিয়েল মিডিয়াত।

প্ৰশ্ন হৈছে… নাম সলনি কৰিলে ঠাইখনৰ সকলো সমস্যা সমাধান হ’ব নে? বেলেগ উন্নয়নমূলক কাম শেষ হ’ল নেকি হিমন্তৰ ৯ মহীয়া চৰকাৰৰ? যি সময়ত নিবনুৱা সমস্যা, অঞ্চল বিশেষে বিদ্যুতৰ সমস্যা, মুল্যবৃদ্ধি, বানপানী-গৰাখহনীয়াত সৰ্বশ্ৰান্ত ৰাজ্যৰ জনতা সেই সময়ত অনাহক তথা অৰ্থহীন বিতৰ্কৰ সূচনা মুখ্যমন্ত্ৰীৰ।

উল্লেখ কৰিব লাগিব একোখন ঠাইৰ নামৰ লগত একোটা ইতিহাস বিজৰিত হৈ থাকে তথা নিশ্চয়কৈ ইয়াৰ অৰ্থ প্ৰসংগ বা পটভূমি থাকে। পৰিৱৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰে এতিয়া ঠাইৰ নামৰহে পৰিৱৰ্তন কৰিব বিচাৰিছে। তেনেক্ষেত্ৰত চৰকাৰ গঠন হোৱাৰ পাছত চলিত বৰ্ষৰ মাৰ্চ মাহত গণি গণি এক লাখ নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি উনুকিয়াই দিলে চৰকাৰী পৰক্ষৰহে ৰোষত পৰিব।

অতদিনে, ঠাইসমূহৰ নাম মানুহৰ মুখে মুখে চলি আহিছে…. স্থানীয় লোকেও সেই ঠিকনাৰে চৰকাৰী কাম-কাজ, চৰকাৰী কাৰ্য্যালয়ৰ কাম-কাজত আনকি নিজৰ ঠিকনাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰি আহিছিল। কোনো লোকে এইক্ষেত্ৰত নিশ্চয়কৈ অসুবিধাতো পৰা নাই বা কোনেও আপত্তিও কৰা নাই। কিন্তু কিছু ঠাইৰ নামে বাৰুকৈয়ে অস্বস্তিত পেলালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। সেয়েহে হয়তো জনতাৰ মূৰত নতুন পোক সুমুৱাই ঠাইৰ নাম সলনিৰ প্ৰয়োজন অনুভৱ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

 

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd