NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় কমিটী নতুকৈ গঠন কৰি অগপক নতুন ৰূপ দিয়াৰ দাবী বিদ্ৰোহী তৃণমূল কৰ্মীৰ

January 7, 2019 10:33 pm · অনিৰ্বাণ পাঠক
কেন্দ্ৰীয় নেতৃ্ত্বৰ বিৰুদ্ধে অগপৰ তৃণমূল কৰ্মীৰ ক্ষোভ প্ৰকাশ। ৭ জানুৱাৰিত, গুৱাহাটীত।

নাগৰিকত্ব সংশোধনী বিধেয়ক সদনত দাখিল হোৱাৰ পাছত অসম গণ পৰিষদে বিজেপিৰ সৈতে মিত্ৰতা ছেদ কৰাৰ সময়তে দলটোৰ ভিতৰচ’ৰাত কেন্দ্ৰীয় নেতৃ্ত্বৰ বিৰুদ্ধে তৃণমূল কৰ্মীৰ ক্ষোভৰ উদগিৰণ দেখা গৈছে।

ক্ষুভিত আৰু ধৈৰ্য্য হেৰুৱাই পেলোৱা তৃণামূল কৰ্মীয়ে কেন্দ্ৰীয় নেতৃত্বৰ সমূহীয়া পদত্যাগ দাবী কৰাৰ লগতে এখন জাতীয় অভিৱৰ্তন পাতি দলটোক নতুন ৰূপ দিয়াৰ দাবী জনাইছে।

আজি চানমাৰিৰ পণ্ডিত তীৰ্থনাথ শৰ্মা সভাঘৰত অগপৰ বিভিন্ন জিলা আৰু সমষ্টিৰ পৰা অহা তৃণমূল কৰ্মী আৰু শুভাকাংক্ষীয়ে এখন সভা অনুষ্ঠিত কৰি এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ পাছত দলৰ মুখ্য কাৰ্যালয়লৈ গৈ সভাপতিলৈ কেইবাটাও প্ৰস্তাৱ সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বুবুল কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ‘অগপ আঞ্চলিকতাবাদী তৃণমূল কৰ্মী সমন্বয়ৰক্ষী সমিতি’ নামেৰে এখন ২১জনীয়া অহ্বায়ক সমিতিও গঠন হয়। আহ্বায়ক সমিতিখনে স্মাৰকপত্ৰত উল্লেখ কৰা প্ৰস্তাৱসমূহ আগন্তুক দহ দিনৰ ভিতৰত মানি ল’বলৈ দাবী জনায়। অন্যথা তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে।

তৃণমূল কৰ্মীসকলে আজি সন্ধিয়া অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়লৈ আহিও কেন্দ্ৰীয় নেতৃত্বৰ পদত্যাগৰ দাবীৰে ধৰ্ণা দিয়ে।

তৃণমূল কৰ্মীসকলৰ এই সভাত গৃহীত কৰা প্ৰস্তাৱসমূহৰ ভিতৰত আছে অসমৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ আশা-আকাংক্ষা প্ৰতিফলিত হোৱাকৈ দলৰ কাৰ্যসূচী প্ৰস্তুত কৰাৰ লগতে সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিক দলৰ নেতৃত্বৰ অংশীদাৰ কৰোৱাৰ দাবী। এক ব্যক্তি এক পদ নীতিও কঠোৰভাৱে মানি চলাৰ দাবী উত্থাপন কৰে আঞ্চলিক দলটোৰ তৃণমূল কৰ্মীসকলে।

এই সভাতেই নতুন প্ৰজন্মক দললৈ আদৰি আনি উপযুক্ত স্থান আৰু মান দিয়াৰ লগতে অগপৰ এটা ছাত্ৰ সংগঠন গঠন কৰাৰ বাবেও প্ৰস্তাৱ গ্ৰহণ কৰি স্মাৰক পত্ৰত সন্নিৱিষ্ট কৰে।

Related News