সুৰক্ষা কৰ্মীৰ বৃহৎ সফলতা; মাছুদ আজহাৰৰ ভতিজাৰ মৃত্যু ঘটিল এনকাউণ্টাৰত

ইণ্টাৰনেটৰ পৰা সংগৃহীত

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ বিশ্ব যুঁজি থাকিলেও কিন্তু ভাৰতক অস্থিৰ কৰিবলৈ কোনো ত্ৰুতি এৰা নাই পাকিস্তানৰ সন্ত্ৰাসবাসীয়ে।

সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে কূটাঘাত অব্যাহত ৰখাৰ সমান্তৰালকৈ ভাৰতীয় সেনাইও তেওঁলোকৰ বিৰুদ্ধে চলাই আছে জোৰদাৰ অভিযান।

জানিব পৰা অনুসৰি আজি ভাৰতীয় সেনাই জেঈছ এ মহম্মদৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ ভতিজাক মাৰিবলৈ সক্ষম হয়।

মাছুদ আজহাৰৰ ভতিজা আই ই ডি স্পেচিয়েলিষ্ট আছিল।

বুধবাৰে পুলৱামাৰ কংগনত হোৱা এনকাউণ্টাৰত ভাৰতীয় সেনাই সংগঠনটোৰ মুঠ তিনিজন সদস্যক হত্যা কৰে।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়া কয় যে আজি ৰাতিপুৱা দক্ষিণ কাশ্মীৰ জিলাৰ কংগন অঞ্চলত এটা তালাচী অভিযান চলোৱা হৈছিল।

এই অভিযানৰ সময়তে অঞ্চলটোত লুকাই থকা সন্ত্ৰাসবাদীৰ দলটোৱে সেনাৰ দলটোক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে। ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত বহু সময় ধৰি প্ৰচণ্ড গুলীবৰ্ষণ চলে।

দুয়োপক্ষৰ মাজত চলা গুলীয়াগুলীত তিনিজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়। এই তিনিজনৰ ভিতৰৰ এজন মাছুদ আজহাৰৰ ভতিজা বুলি চিনাক্ত কৰা হৈছে।

ঘটনাটো সংঘটিত হোৱা ঠাইৰ পৰা বহু পৰিমানৰ অস্ত্ৰ-সস্ত্ৰৰ লগতে বোমা-বাৰুদো উদ্ধাৰ হয়।