ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ উদ্যোগত যুক্তি দিৱস পালনঃ চিকিৎসা শিবিৰৰ আয়োজন
ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাই সোমবাৰে যুক্তিবাদী দাৰ্শনিক শ্বহীদ জ্যৰ্ডানো ব্ৰুনোৰ সোঁৱৰণত বৃহত্তৰ ঢেকিয়াজুলি অঞ্চলৰ অন্তৰ্গত এক ভিতৰুৱা ঠাই অৰিয়ান্তলিত কিছু কাৰ্যসূচী গ্ৰহণ কৰে।
উল্লেখযোগ্য যে যুক্তিবাদৰ তথা বিজ্ঞানমনস্কতাৰ ক্ষেত্ৰখনিৰ প্ৰথমজন শ্বহীদ জ্যৰ্ডান’ ব্ৰুন’ শ্বহীদ হোৱা দিনটো অৰ্থাৎ ১৭ ফেব্ৰুৱাৰী তাৰিখটোক “যুক্তি বিকাশ সমিতি: অসম” আৰু “মুক্ত চিন্তা”ৰ আহ্বানমৰ্মে ২০১৮ চনত প্ৰথমবাৰৰ বাবে “যুক্তি দিৱস” হিচাপে পালন কৰা হৈছিল। বৃহত্তৰ ঢেকিয়াজুলি অঞ্চলত প্ৰথমবাৰৰ বাবে এই দিৱসটি সোমবাৰে মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ উদ্যোগত পালন কৰা হয়।
সেই উপলক্ষে দিনটোৰ প্ৰথম কাৰ্যসূচী হিচাপে মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ বিষয়-ববীয়াসকলে দিৱসটিৰ তাৎপৰ্য চমুকৈ ব্যাখ্যা কৰে। অনিবাৰ্য কাৰণবশতঃ অন্যতম কাৰ্যসূচী “মুকলি আলোচনা” বাতিল কৰিবলগীয়া হয় যদিও শাখাৰ এগৰাকী জ্যেষ্ঠতম আজীৱন সদস্য অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰেমানন্দ নাথে ব্ৰুনোৰ বিষয়ে চমুকৈ আলোচনা আগবঢ়ায়।
তাৰ পিছতে দিনটোৰ আন এক কাৰ্যসূচী — “বিনামূলীয়া চিকিৎসা প্ৰদান”ৰ সৈতে সামঞ্জস্য ৰাখি বিনামূলীয়া ব্লাড ছুগাৰ পৰীক্ষা তথা বিনামূলীয়া ঔষধ বিতৰণ শিবিৰ অনুষ্ঠিত হয়।
উক্ত চিকিৎসা শিবিৰটি পৰিচালনা কৰাৰ লগতে চিকিৎসা প্ৰদান কৰে ক্ৰমে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ পেথ’লজী বিভাগৰ সহকাৰী অধ্যাপক ডাঃ দীপক দাস, ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰাথমিক স্বাস্থ্য বিষয়া চিকিৎসক সৌৰভ কুমাৰ বৰ্মনৰ লগতে ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ অন্যতম সক্ৰিয় আজীৱন সদস্য তথা স্বাস্থ্য আৰু সজাগতা বিভাগৰ সম্পাদক ঢেকিয়াজুলিৰ সামূহিক স্বাস্থ্য বিষয়া চিকিৎসক ময়ূৰ কৃষ্ণ বৰাই।
বিয়লি ৫.৩০ বজাত শেষ হোৱা চিকিৎসা শিবিৰটিৰ জৰিয়তে অৰিয়ান্তলি তথা ইয়াৰ ওচৰ-পাজৰৰ ভিতৰুৱা অঞ্চলৰ অনেক আৰ্থিকভাৱে দুৰ্বল লোক উপকৃত হয় বুলি মন্তব্য কৰে স্থানীয় লোকসকলৰ লগতে চিকিৎসা গ্ৰহণ কৰিবলৈ অহা লোকসকলে।
প্ৰায় ৬০ গৰাকী ৰুগীয়া লোকে বিনামূলীয়া চিকিৎসা পাবলৈ সক্ষম হোৱাৰ লগতে উপস্থিত ৰাইজে দিৱসটিৰ তাৎপৰ্য সংক্ষিপ্তভাৱে হ’লেও জানিবলৈ সক্ষম হোৱাৰ বাবে দিৱসটি পালন কৰাটো অৰ্থবহ তথা ফলপ্ৰসূ হয় বুলি মন্তব্য কৰে মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মীৰা জয়ছোৱাল চুণ্ডী, কোষাধ্যক্ষ গড়মৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান-শিক্ষক সুবোধ তালুকদাৰ আৰু সম্পাদক প্ৰজিত নাথে।
গুৰুত্বপূৰ্ণ যে অহা ১৪ মাৰ্চ তাৰিখে প্ৰখ্যাত পদাৰ্থ-বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ জন্মৰ লগতে প্ৰখ্যাত সমাজ-বিজ্ঞানী কাৰ্ল মাৰ্ক্স আৰু আন এগৰাকী প্ৰখ্যাত পদাৰ্থ-বিজ্ঞানী ষ্টিফেন হকিঙৰ মৃত্যুৰ দিনটোৰ প্ৰতি লক্ষ্য ৰাখি বৃহত্তৰ ঢেকিয়াজুলি অঞ্চলৰ আন এক ভিতৰুৱা ঠাইত এক মুকলি আলোচনাৰ উপৰিও বিনামূলীয়া চিকিৎসা প্ৰদান, বিনামূলীয়া ব্লাড ছুগাৰ পৰীক্ষা তথা বিনামূলীয়া ঔষধ বিতৰণ শিবিৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে বুলি শাখাৰ সম্পাদক প্ৰজিত নাথে জনায়।
এইখিনিতে উল্লেখযোগ্য যে ১৪ মাৰ্চৰ বিশেষভাৱে তাৎপৰ্যপূৰ্ণ দিনটো প্ৰথমবাৰৰ বাবে ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাই পালন কৰাৰ প্ৰয়াস কৰিছে। সেই ক্ষেত্ৰত ইতিমধ্যে শাখাৰ বিষয়-ববীয়াসকলে দিৱসটিক “বাস্তৱ দিৱস” হিচাপে নামাকৰণ কৰাৰ ঠিৰাং কৰিছে।
উক্ত দিৱসটি সকলো বিজ্ঞানমনস্ক, প্ৰগতিশীল আৰু যুক্তিবাদী লোক তথা সংগঠনে পালন কৰাটো খুবেই গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় বুলি শাখাৰ বিষয়-ববীয়াসকলে মতপোষণ কৰে।