লক্ষ্য আছিল সেউজ গুৱাহাটী! সেই উদ্দেশ্য আগত বান্ধি ২০১৯ চনৰ ৩ মে’ত গুৱাহাটীত প্ৰথমখন বৈদ্যুতিক বাছ প্ৰৱৰ্তন কৰা হৈছিল। সেই দিনটোতে অসম ৰাজ্যিক পৰিবহণ নিগমে ফাষ্টাৰ এডপচন এণ্ড মেনুফেকচাৰ অৱ হাইব্ৰিড এণ্ড ইলেক্ট্ৰিক ভেহিকেলছ (FAME) ইণ্ডিয়া আঁচনিৰ অধীনত গুৱাহাটীত ১৫খন ইলেক্ট্ৰিক বাছৰ চলাচল আৰম্ভ কৰে। কৰ্ণাটকৰ ধৰৱাড প্লাণ্টত টাটা মটৰ্ছে নিৰ্মাণ কৰা এই বাছসমূহ সেউজ ৰাজহুৱা পৰিবহণৰ প্ৰসাৰ আৰু চহৰখনত কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে মুকলি কৰা হৈছিল।
তদুপৰি ২০২৪ চনৰ ১ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ২০০ খন অতিৰিক্ত ইলেক্ট্ৰিক বাছৰ চলাচলৰ শুভাৰম্ভণী কৰে।
কিন্তু এই গ্ৰীণ বাছসমূহক লৈ কিমান সুখী গুৱাহাটীবাসী? দৈনিক কৰ্মত নিয়োজিত চাকৰিয়াল, শ্ৰমিক, শিক্ষাৰ্থী, গৃহিনীৰ বাবে গুৱাহাটীত বাছ এক পৰিৱহণৰ কম খৰচী মাধ্যম। কিন্তু বিগত সময়চোৱাত যাত্ৰীসকলৰ পৰা নৰ্থইষ্ট নাৱে পোৱা অভিযোগসমূহে প্ৰকৃততে গ্ৰীণ বাছসমূহৰ আন এক স্বৰূপহে উদঙাই দিছে।
এই গ্ৰীণ বাছসমূহৰ বিৰুদ্ধে থকা অন্যতম গুৰুতৰ অভিযোগ হ’ল- বাছসমূহ আস্থানসমূহত অধিক সময় ৰখাই থোৱাৰ সমস্যা। অধিক যাত্ৰী পোৱাৰ আশাত যাত্ৰীৰ সময় অপচয় কৰি ১০-১৫ মিনিট সময় বাছ সমূহে ৰখাই থোৱা কাৰ্যই যাত্ৰীৰ আহুকালৰ সৃষ্টি কৰে।
তদুপৰি বাছৰ একাংশ কনডাক্টৰৰ বিৰুদ্ধে অধিক বাছৰ ভাড়া লোৱাৰ অভিযোগো আছে। নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন জ্যেষ্ঠ নাগৰিকে কয় যে, কিছুমান দূৰত্বলৈকে বাছৰ ভাড়া ১৫ বা ২৫ টকা লয়। কিন্তু যেতিয়া ৩০ টকা বা ২০ টকা দিয়া যায়, তেতিয়া বাকী থকা ৫ টকা খুচৰা নথকাৰ উজুহাতত দিয়াৰ পৰা বিৰত থাকে। ইয়াৰোপৰি বাছত টিকট দিয়াৰ নিদিলে জৰিমনা বিহাৰ প্ৰাৱধান আছিল যদিও আজিকালি টিকট দিয়াৰ নীতি উঠি যোৱাৰ দৰেই হৈছে। এই সমূহ নিয়ম উলংঘন নিয়ন্ত্ৰণৰ বাবে অৱশ্যে কোনো ব্যৱস্থা চৰকাৰে লোৱা পৰিলক্ষিত হোৱা নাই।
আন এটা সমস্যা হ’ল- গ্ৰীণ বাছসমূহৰ পথত আগ্ৰাসী গতিবিধি। ৰাস্তাত যেতিয়া গ্ৰীণ বাছ চলে তেতিয়া সৰু গাড়ী, পথচাৰী, ৰিক্সা, অটো আদি যায় ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হয়।
অৰ্থাৎ এই অভিযোগসমূহৰ পৰা সুস্পষ্ট হৈ পৰিল যে, কোনো অদৃশ্য ৰাজনৈতিক শক্তিৰ আশীৰ্বাদপুষ্ট হৈ গ্ৰীণ বাছসমূহৰ অধিকাংশই ময়-মতালি চলাইছে। কোন সেই শক্তি? সেই লৈ সাধাৰণ মহা নাগৰিকৰ মাজত প্ৰশ্নৰ উদয় হৈছে।