এখন বিশাল সেউজীয়া অৰণ্যলৈ ৰূপান্তৰ হোৱাৰ দিশে জাঁজীমুখৰ বালিমাহী চাপৰি,এক লাখ গছপুলি ৰোপণৰ সংকল্প

bbb

জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ মহাবাহু ব্ৰহ্মপুত্ৰ আৰু জাঁজী নদীৰ সংগমস্থলী টীয়কৰ ঐতিহাসিক জাঁজীমুখ।

অঞ্চলটোৰ অন্যতম এগৰাকী প্ৰকৃতিপ্ৰেমী ললিত টাউদে কেইবাটাও বছৰৰ পূৰ্বৰে পৰা জাঁজীমুখৰ এই জৈৱ বৈচিত্ৰ্য অক্ষুন্ন ৰখাৰ উদ্দেশ্যেৰে অশেষ কষ্ট তথা ত্যাগ স্বীকাৰ কৰি নদীৰ চাপৰিত গঢ়ি তুলিছিল এক সুন্দৰ সেউজীয়া প্ৰাকৃতিক পৰিবেশ।

চাপৰিটোৰ নাম থ’লে বালিমাহী।আজি বালিমাহী যৌৱনপ্ৰাপ্ত।
চৌদিশ সেউজ।বিভিন্ন ধৰণৰ ফল মূলৰ গছকে ধৰি নৈপৰীয়া দ অঞ্চলত লহ পহকৈ বাঢ়ি আহিছে গছবোৰ।

উল্লেখযোগ্য যে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই ললিত টাউদে লোৱা এই প্ৰকৃতি সুৰক্ষাৰ প্ৰচেষ্টাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বালিমাহী চাপৰিত এক লাখ গছপুলি ৰোপণ কৰাৰ এক সংকল্প গ্ৰহণ কৰিছিল।

যোৱা বৰ্ষত পৰিবেশ দিৱসৰ এই বিশেষ দিনটোতে সেই সংকল্প আগত লৈ গছপুলি ৰোৱা কাৰ্যসূচী আৰম্ভ কৰি আজিও বিশ্ব পৰিবেশ দিৱস উপলক্ষ্যে পুনৰ চাপৰিটোত প্ৰায় দুহেজাৰ বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰে।

প্ৰকৃতিবিদ ললিত টাউদে নিজা প্ৰচেষ্টাৰে গঢ় দিয়া এই চাপৰিটো বৰ্তমান এক অভাৰণ্যলৈ পৰিবৰ্তন হ’বলৈ গৈ আছে যিটো পৰিবেশে অনাগত সময়ত জীৱ জন্তুৰ আশ্ৰয়স্থল হ’ব বুলি বহুতে আশা কৰিছে ।

জাঁজীমুখৰ বৈচিত্ৰ্যময় ঐতিহ্য ধৰি ৰখাৰ ক্ষেত্ৰত লোৱা পদক্ষেপক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে।

ছাত্ৰসন্থায়ো পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা জাঁজীমুখৰ বান গৰাখহনীয়াকে ধৰি এশ এবুৰি সমস্যাসমূহ অনতি পলমে সমাধান কৰি জাঁজীমুখক অসমৰ অন্যতম পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।