ভাল খবৰ: ১ জানুৱাৰীৰ পৰা বৃদ্ধি নাপায় কাপোৰৰ দাম, কিয়?

নতুন বছৰৰ প্ৰাক ক্ষণত দেশবাসীৰ বাবে এটা ভাল খবৰ আহিছে।

কেন্দ্ৰীয় চৰকাৰে বস্ত্ৰৰ ওপৰত জিএছটি ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। পূৰ্বে ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা কাপোৰৰ ওপৰত জিএছটি ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

কিন্তু শেহতীয়াকৈ চৰকাৰে সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। সেয়ে দেশত ১ জানুৱাৰীৰ পৰা কাপোৰৰ দাম বৃদ্ধিৰ আশংকাও নোহোৱা হৈছে।

আজি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে জিএছটি পৰিষদে শুকুৰবাৰে বস্ত্ৰৰ ওপৰত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি)ৰ হাৰ ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত স্থগিত ৰখা হৈছে।

বস্ত্ৰৰ ওপৰত জিএছটিৰ হাৰ ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি ১ জানুৱাৰী, ২০২২ ৰ পৰা কাৰ্যকৰী হোৱাৰ কথা আছিল।কিন্তু বিষয়টোকলৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে সেই সিদ্ধান্ত স্থগিত ৰখাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে।

সীতাৰমণে কৈছিল যে গুজৰাটৰ বিত্ত মন্ত্ৰীয়ে ২০২১ চনৰ ছেপ্টেম্বৰত পৰিষদৰ বৈঠকত কৰ গাঁথনিৰ সংস্কাৰ সাধন সন্দৰ্ভত লোৱা সিদ্ধান্ত স্থগিত ৰখাৰ বাবে অনুৰোধ কৰাৰ পিছত বৈঠক আহ্বান কৰা হৈছিল।

২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ সিদ্ধান্তটো কৰ গাঁথনিৰ সংশোধন কৰাৰ বাবে লোৱা হৈছিল, তেওঁ কয়।

যোৱা সপ্তাহত, পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা অমিত মিত্ৰই কেন্দ্ৰীয় এফএম নিৰ্মলা সীতাৰমণক প্ৰস্তাৱিত বৃদ্ধি প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল।

তেওঁ কৈছিল যে নতুন হাৰৰ গাঁথনিৰ ফলত প্ৰায় ১ লাখ বস্ত্ৰ গোট বন্ধ হ’ব আৰু দেশত ১৫ লাখ লোকে চাকৰি হেৰুৱাব।

বৰ্তমান বস্ত্ৰৰ ক্ষেত্ৰত থকা জিএছটিৰ পৰিমাণ হৈছে ৫ শতাংশ।

কিন্তু ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা সেই জিএছটি ১২ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

ফলত বস্ত্ৰৰ দাম জিএছটি বৃদ্ধিৰ লগে লগে অভাৱনীয় হাৰত বৃদ্ধি পোৱাটো নিশ্চিত হৈছিল। কিন্তু এতিয়া আৰু সেই আশংকা নাই।