এতিয়া সস্তাতে সাজিব পাৰিব ঘৰ

২২ ডিচেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৩১ সংখ্যক বৈঠক

narendra modi

নৰেন্দ্ৰ মোদী। ছবি- টুইটাৰৰ।

দেশজুৰি হ্ৰাস পাব ঘৰ সজাৰ খৰচ। নিৰ্মাণ সামগ্ৰীৰ ওপৰত জি এছ টি হ্ৰাসৰ বাবে কেন্দ্ৰই লোৱা সিদ্ধান্তৰ বিষয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া ঘোষণাৰ পিছতে সঞ্চাৰ হৈছে এই আশাৰ।

কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ সামগ্ৰীকে ধৰি কেইবিধমান অত্যাৱশ্যকীয়া সামগ্ৰীৰ ওপৰত থকা জিএছটি (সামগ্ৰী আৰু সেৱা কৰ) ১০ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সম্বন্ধে অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী বৈঠকখন ২২ মে’ত অনুষ্ঠিত হ’ব।

এটা ঘোষণা যোগে প্ৰধান মন্ত্ৰী মোডীয়ে ইংগিত দিছে যে জিএছটি পৰিষদে যান-বাহনৰ টায়াৰ, ডিজিটেল কেমেৰা, এচি, ডিছ ৱাশ্বিং মেছিন, টিভিৰ চেটটপ বক্স, মনিটৰ আৰু প্ৰজেক্টৰ আৰু চিমেণ্ট আদি নিৰ্মাণ সামগ্ৰীৰ ওপৰত থকা জিএছটি হ্ৰাস কৰিব পাৰে।

উল্লেখ্য যে জিএছটি বলৱৎ হোৱাৰ আগে পিছে জিএছটি পৰিষদে বহু কেইখন বৈঠকত মিলিত হৈছে। বৈঠকত জিএছটিৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰি তাৰ সংশোধন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোচনা কৰা হৈছে।

চলিত বৰ্ষৰ ২২ ডিচেম্বৰত অনুষ্ঠি হ’বলগীয়া জিএছটি পৰিষদৰ বৈঠকখন হৈছে পৰিষদৰ ৩১ সংখ্যক বৈঠক। টুইটযোগে প্ৰধান মন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে বহু কেইবিধ সামগ্ৰীক অ-বিলাসী সামগ্ৰী বুলি ধৰা হৈছে। এই সমূহক আৱশ্যকীয় সামগ্ৰীৰ মৰ্যাদা দি এই সমূহৰ ওপৰত থকা জিএছটি কমোৱা হ’ব।

নিৰ্মাণৰ প্ৰধান সামগ্ৰী চিমেণ্টক (২৮শতাংশ জিএছটি শ্ৰেণীভুক্ত) অ-বিলাসী সামগ্ৰীৰ শ্ৰেণীভুক্ত (১৮ শতাংশ জিএছটি শ্ৰেণী) কৰি ইয়াৰ ওপৰত থকা জিএছটি ১০ শতাংশ হ্ৰাস কৰি ১৮ শতাংশ কৰা হ’ব। চৰকাৰে ঘোষণা কৰা জাননীৰ তাৰিখৰ পৰা এই ৰেহাই বিৱেচিত হ’ব। গতিকে চৰকাৰে জাননী জাৰি নকৰা পৰ্যন্ত জিএছটি কমা বুলি ধৰি লোৱা অনুচিত।

বিভিন্ন সামগ্ৰী আছে যিবোৰ বিলাসৰ সামগ্ৰী নহয় আৰু সেই সমূহ সামগ্ৰীক জিএছটি ২৮শতাংশ শ্ৰেণীৰ পৰা ১৮ শতাংশ জিএছটিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে।

নিম্নোক্ত সামগ্ৰীসমূহক অ-বিলাসী সামগ্ৰী হিচাপে বিৱেচনা কৰি ১৮শতাংশ জিএছটিৰ শ্ৰেণীভুক্ত কৰা হ’ব পাৰে। সেই সমূহ হৈছে (১)কোকোৱা-বিহীন ময়দা, মণ্ড, খ্যাদ্য, শৰ্কৰা আদি, (২) মুখ আৰু দাঁতৰ স্বাস্থ্য সেৱা (৩) অগ্নি নিৰ্বাপক, চাৰ্জড অগ্নি নিৰ্বাপক গ্ৰেনেড, নতুন টায়াৰ, পুনৰ খাঁজ দিয়া টায়াৰ (Retreaded Tyres), পাৰ্টকল বৰ্ড, চকাৰ ভিতৰত থকা ৰাবাৰৰ টিউব, প্লাইউড, প্লাষ্টাৰভিত্তিক, ব’ৰ্ড, পাট ইত্যাদি, চিভিল ইঞ্জিনিয়াৰিং বা নিৰ্মাণ সামগ্ৰী, নিৰাপদ গ্লাছ, (৩) খোজ দিয়া ব্লক, বৰ্ড (৪) দুৱাৰ, খিৰিকী আৰু ইয়াৰ ফ্ৰেম (৫) আঁচবাব সামগ্ৰী ইত্যাদি।