নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতকলৈ দেশব্যাপী চাঞ্চল্য সৃষ্টি হোৱাৰ সময়তে তবলিগীকলৈ চ’ছিয়েল মিডিয়াৰ যোগে সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ কুপ্ৰচেষ্টাৰ কৰাৰ অপৰাধত দেশত সাতজনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
উল্লেখ্য দেশত দিল্লীৰ নিজামুদ্দিন তবলিগী কাণ্ডই ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ হটস্পষ্টৰূপে চিহ্নিত হোৱাৰ পিছত দেশৰ চাৰিওফালে চ’ছিয়েল মিডিয়াত এচাম লোকে সাম্প্ৰদায়িক হিংসা আৰু বিষবাষ্প বিয়পোৱাৰ বাবে অভিপ্ৰায় কৰি আহিছে।
চ’ছিয়েল মিডিয়াৰ যোগে তেনে অভিপ্ৰায় কৰাৰ অভিযোগত গুজৰাটত সাতজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু আন তিনিজন লোকক আটক কৰিছে।
লোককেইজনক ভাৰতীয় দণ্ডবিধি আইনৰ ৫০৫ অধীনত সমাজক অপকাৰ কৰিব পৰা মন্তব্যৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে আমৰেলী জিলাৰ যুৱক ৰিকেন সিংঘভ(২৭), নৱছাৰি জিলাৰ ওমকান্দ ৰাথোড় (৫০), ৰতিলাল পেটেল(৭০), জামনগৰৰ পাৰশ বালা(৩৯), জয়েন্তী গিৰি(৫১), আনন্দ জিলাৰ নীৰৱ বাৰৱেডি(৩০) আৰু কোচ জিলাৰ হৰেশসিন(৪২)।
আটাইকেইজন লোকেই নিজামুদ্দিনৰ তবলিগী জামাতকলৈ সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ বাবে ৱাটছএপৰ যোগে বিভিন্নজনলৈ বাৰ্তা প্ৰেৰণ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আহমেদাবাদ নগৰ আৰক্ষী আয়ুক্ত আশীষ ভাটীয়াই কয় যে, ‘এনে বাৰ্তা প্ৰেৰণ কৰা সকলো লোকৰ বিৰুদ্ধে আইনী ব্যৱস্তা লোৱা হ’ব।’
গুজৰাটৰ আৰক্ষী মহাপৰিদৰ্শক শিৱানন্দ ঝায়ে কয় ভুৱা প্ৰচাৰেৰে সমাজৰ সমন্বয় আৰু ঐক্য ৱাটছএপৰ যোগে ব্যাঘাত জন্মোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে।