প্ৰেৰণাৰ প্ৰতীক: কিলাকুটিৰে লিখি জীৱনৰ পৰীক্ষাত জিলিকিছে হাত-ভৰিহীন শিৱম

gujarat boy shivam solanki

শিৱম সোলাংকি। ছবি সৌজন্য-- Zee Hindustan

ছবিত দেখা কিশোৰজন গুজৰাট বদোদৰাৰ শিৱম সোলাংকি। মানুহৰ যে কিমান অসাধাৰণ জীৱনীশক্তি থাকিব পাৰে এওঁ তাৰেই যেন জ্বলন্ত দৃষ্টান্ত।

শিৱমে কিলাকুটিৰে লিখি এইবাৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বহিছে। মাত্ৰ ১৩ বছৰ বয়সতে এক বৈদ্যুতিক দুৰ্ঘটনাত তেওঁ দুয়োখন হাত আৰু ভৰি এখন হেৰুৱাইছিল।

দুৰ্ঘটনাৰ পিছত সম্পূৰ্ণৰূপে অচল হৈ পৰা ১৩ বছৰীয়া শিৱমে শিক্ষা গ্ৰহণৰ বাবে উলিয়ালে নতুন উপায়। ল’ৰাজনে কিলাকুটিৰে লিখাৰ চেষ্টা কৰিলে।

কিলাকুটিৰে আখৰ লিখাৰ চেষ্টাই হৈ পৰিল শিৱমৰ জীৱনৰ একমাত্ৰ সাধনা। কিলাকুটিত মোজা আৰু ৰচি বান্ধি কলমটো ধৰি ৰখাৰ চেষ্টা কৰিলে।

ঘণ্টা ঘণ্টা ধৰি তেওঁ অসম্ভৱপ্ৰায় কামটোকে কৰি থাকিল। আৰু এদিন কিলাকুটিৰে আখৰ লিখাৰ অসম্ভৱ কামটো ল’ৰাজনে সম্ভৱ কৰি তুলিলে।

আৰু শিৱমৰ সেই চেষ্টাৰ ফল হ’ল— মেট্ৰিক পৰীক্ষাত তেওঁ ৮১ শতাংশ নম্বৰ পাই উত্তীৰ্ণ হ’ল।

এইবাৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত মেট্ৰিকতকৈয়ো ভাল ফল দেখুৱাবলৈ সংকল্প লৈছে শিৱমে।

“মই সাজু। আশা কৰো, এই বছৰ মই দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাতকৈ বহুত ভাল নম্বৰ পাম,” প্ৰকাশিত বাতৰিত শিৱমৰ উদ্ধৃতি

নিজৰ ভাল ফলাফলক লৈ আত্মবিশ্বাসী শিৱমে সহপাঠীসকলকো পৰীক্ষাৰ শুভেচ্ছা দিছে। কৈছে, পৰীক্ষাক লৈ চাপ ল’ব নালাগে।

“ই তোমাৰ সমগ্ৰ জীৱনটো নিৰ্ধাৰণ নকৰে! কেৱল ভালকৈ প্ৰস্তুতি চলোৱা আৰু ভাল কৰা।”

এনে এজন পুত্ৰক লৈ মাক-দেউতাকে কি ক’ব? শিৱমৰ দেউতাক মাথো অভিভূত।

শিৱমৰ দেউতাক মুকেশ সোলাংকিয়ে পুত্ৰৰ সফলতাৰ বাবে ঈশ্বৰক ধন্যবাদ দিয়ে: ভগৱানে তাৰ কথা শুনিলে, তাক জীয়াই ৰাখিলে।

অসাধাৰণ ছাত্ৰজনৰ প্ৰতি বিদ্যালয়ৰ শিক্ষকসকলেও বিশেষ যত্ন লয় আৰু ঘৰত আহিও পাঠ গ্ৰহণত সহায় আগবঢ়ায়।