ঘোষণা কৰা হৈছে গুজৰাটৰ দুই বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল। কেৰালা, পঞ্জাৱ আৰু পশ্চিম বংগৰ এখনকৈ আসনত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ভোটগণনা এতিয়াও চলি আছে।
গুজৰাটৰ উপ-নিৰ্বাচনত আম আদমী পাৰ্টিয়ে ভাৰতীয় জনতা পাৰ্টিক বিছাৱদাৰ আসনত পৰাস্ত কৰিছে। আম আদমি পাৰ্টিৰ প্ৰাৰ্থী গোপাল ইটালিয়াই বিজেপিৰ কিৰিট পেটেলক পৰাস্ত কৰি জয়লাভ কৰিছে।
আপৰ গোপাল ইটালিয়াই ৭৫,৯৪২টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ কিৰিট পেটেলে লাভ কৰে ৫৮,৩৮৮টা ভোট।
একে সময়তে গুজৰাটৰ কাড়ী আসনত কংগ্ৰেছ প্ৰাৰ্থী ৰমেশ চাৱদাক পৰাস্ত কৰিছে বিজেপি প্ৰাৰ্থী ৰাজেন্দ্ৰ চাৱদাই।আম আদমি পাৰ্টিৰ সঞ্জীৱ অৰোৰা পঞ্জাৱৰ লুধিয়ানাত আগবাঢ়ি আছে। কেৰালাত কংগ্ৰেছৰ আৰ্য্যদন শৌকতে আৰু পশ্চিম বংগত অগ্ৰগতি লাভ কৰিছে তৃণমূল কংগ্ৰেছৰ আলিফা আহমেদে।