আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

প্ৰায় এক দশক পূৰ্বে উত্থাপিত এক ধৰ্ষণৰ অভিযোগত দোষী সাৱ্যস্ত হৈছে স্বঘোষিত গডমেন আছাৰাম বাপু। তেওঁক সোমবাৰে গুজৰাটৰ এখন আদালতে দোষী সাব্যস্ত কৰে। তেওঁৰ বিৰুদ্ধে এগৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অভিযোগ আছিল। মঙলবাৰে গোচৰটোৰ শাস্তি ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছে।

দহ বছৰ পূৰ্বে আছাৰাম বিৰুদ্ধে মোতেৰাৰ তেওঁৰ আশ্ৰমত এগৰাকী চুৰাট নিবাসী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ আছিল। তেওঁৰ পত্নী আৰু পুত্ৰ-কন্যাৰ বিৰুদ্ধেও অভিযোগ উঠিছিল। ৭৭ বছৰীয়া ধৰ্মগুৰুজনক পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

সেই একেটা গোচৰতে আছাৰামক দোষী সাব্যস্ত কৰা হৈছে। অৱশ্যে আদালতে তেওঁৰ পত্নী, পুত্ৰ, কন্যাকে ধৰি আন ছয়জনক নিৰ্দোষী বুলি ৰেহাই দিছে। আছাৰাম বাপু বৰ্তমান যোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে।

আছাৰামৰ বিৰুদ্ধে ২০১৩ চনত ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছিল। তেওঁৰ বিৰুদ্ধে ধৰ্ষণ, বলপূৰ্বক বন্দী কৰি ৰখা, অপৰাধমূলক ষড়যন্ত্ৰ, প্ৰমাণ ধ্বংস কৰাৰ চেষ্টা, বিকৃত যৌন কামনাকে ধৰি বিভিন্ন অভিযোগ উঠিছিল।

ইপিনে, ২০২১ চনৰ ৬ অক্টোবৰত দুগৰাকী শিষ্যাই চুৰাট আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰিছিল। এগৰাকীয়ে আছাৰামৰ বিৰুদ্ধে আৰু আনগৰাকীয়ে তেওঁৰ পুত্ৰ নাৰায়ণ চাইৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। আছাৰামৰ বিৰুদ্ধে থকা অভিযোগবোৰ পিছত চান্দখেড়া আৰক্ষী থানালৈ প্ৰেৰণ কৰা হৈছিল। আশ্ৰমৰ ভিতৰতে ধৰ্ষণৰ অভিযোগ কৰা হৈছিল।

২০১৩ চনত, আছাৰামৰ বিৰুদ্ধে আশ্ৰমৰ সীমাৰ ভিতৰতে এগৰাকী নাবালিকাক  ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। তেতিয়া তেওঁক ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছত যোধপুৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰিছিল। এইবাৰ পুনৰ তেওঁক ধৰ্ষণৰ গোচৰতে দোষী সাব্যস্ত কৰা হৈছে।

আনহাতে, অতীতত আছাৰামৰ বিৰুদ্ধে এই অভিযোগক লৈ সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এগৰাকী স্বঘোষিত গডমেন আছাৰামৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ বিতৰ্ক তুংগত উঠিছিল। তেওঁৰ জীৱনশৈলী সম্পৰ্কেও বহুতো প্ৰশ্ন আছে। তেওঁ বৰ্তমান কাৰাগাৰত আছে। অৱশ্যে, তেওঁ পুনৰ ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ বাবে অধিক সমস্যাত পৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।

সেইদৰে, কেৱল আছাৰাম বাপুই নহয়, ৰাম ৰহিম নামৰ আন এগৰাকী স্বঘোষিত গুৰুৰ বিৰুদ্ধেও এটাৰ পিছত এটা অভিযোগ উত্থাপিত হৈছিল। তেওঁৰ বিৰুদ্ধে ধৰ্ষণ আৰু হত্যাকে ধৰি কেইবাটাও অভিযোগ আছিল। অৱশ্যে, ৰাম ৰহিমৰ ঘটনাও সমগ্ৰ দেশতে যথেষ্ট চৰ্চিত। এইবাৰ পুনৰ চৰ্চালৈ আহিছে আছাৰাম বাপুৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ।