NORTHEAST NOW (Assamese)

আৰু কি নহয়! চন্দ্ৰযান-৩ৰ ডিজাইনাৰৰ ভুৱা পৰিচয় দি গ্ৰেপ্তাৰ গুজৰাটী ব্যক্তি

August 30, 2023 10:41 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 30, 2023 10:42 am

দেশত এতিয়া সবাতোকৈ চৰ্চিত বিষয় চন্দ্ৰযান-৩। ইছৰোৰ এই চন্দ্ৰ অভিযানৰ সাফল্যত গৌৰৱান্বিত এতিয়া সকলো। পিছে প্ৰতিষ্ঠানটোৰ এই সাফল্যৰ আধাৰক মিথ্যাচাৰৰ আশ্ৰয় লৈ নাম কিনিবলৈ যোৱা এগৰাকী গুজৰাটী ব্যক্তিৰ আজৱ কাণ্ডও এতিয়া চৰ্চালৈ আহিছে।

ইতিমধ্যে চুৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই বিশেষ ব্যক্তিগৰাকীক। ধৃত এই ব্যক্তিগৰাকীয়ে নিজকে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰোৰ বিজ্ঞানী বুলি পৰিচয় দি স্থানীয় সংবাদ মাধ্যমত সাক্ষাৎকাৰ প্ৰদান কৰিছিল।

কেৱল সিমানেই নহয়, ধৃত এই ব্যক্তিগৰাকীয়ে আনকি চন্দ্ৰ অভিযানৰ বাবে চন্দ্ৰযান-৩ৰ লেণ্ডাৰ মডিউল ডিজাইন কৰা বুলিও দাবী কৰিছিল। ইছৰোৰ এই ভুৱা বিজ্ঞানীগৰাকীৰ নাম মিতুল ত্ৰিবেদী।

চন্দ্ৰযান-৩ৰ লেণ্ডাৰ মডিউলৰ ডিজাইন কৰা বুলি দাবী কৰা ত্ৰিবেদীৰ বিৰুদ্ধে যোৱা ২৩ আগষ্টত বিক্ৰম লেণ্ডাৰে সফলতাৰে চন্দ্ৰপৃষ্ঠত লেণ্ডিং কৰাৰ পিছতে এজাহাৰ দাখিল কৰা হৈছিল।

ত্ৰিবেদীয়ে ইছৰোৰ ‘প্ৰাচীন বিজ্ঞান আবেদন বিভাগ’ৰ ‘সহকাৰী অধ্যক্ষ’ৰ পৰিচয়েৰে আনকি ২০২২ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখৰ ভুৱা নিযুক্তি পত্ৰও দাখিল কৰা বুলি অভিযোগ উত্থাপন হৈছে।

এই সন্দৰ্ভত আৰক্ষীয়ে এক বিবৃতিত উল্লেখ কৰা মতে, প্ৰাথমিক তদন্তত ব্যক্তিগৰাকী কোনো কাৰণতে ইছৰোৰ চন্দ্ৰযান-৩ মিছনৰ সৈতে জড়িত নাছিল আৰু ইছৰোৰ কৰ্মচাৰী বুলি ভুৱা দাবী কৰা বুলি প্ৰমাণিত হয়।

অভিলাষী প্ৰকল্পটোত কোনো অৰিহণা আগনবঢ়োৱাকৈয়ে ধৃত ত্ৰিবেদীয়ে ইছৰো সন্দৰ্ভত ভুৱা বাৰ্তা বিয়পাইছিল আৰু ইয়াৰ ফলত প্ৰতিষ্ঠানটোৰ সুনাম ক্ষতিগ্ৰস্ত হৈছে বুলি আৰক্ষীয়ে বিবৃতিটোত লগতে কয়।

আৰক্ষীয়ে অভিযুক্ত মিতুল ত্ৰিবেদীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪১৯, ৪৬৫, ৪৬৮ আৰু ৪৭১ৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি সদৰী কৰে।

Related News