• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘৰৰ মাটিত সুদৰ্শনৰ বিস্ফোৰক বেটিং, ছিৰাজ বাহিনীৰ দমনীয় বলিঙেৰে মুম্বাইক হৰুৱালে গুজৰাটে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 30, 2025 7:47 am
228
VIEWS
Share on FacebookShare on Twitter

এপিনে সুদৰ্শনৰ আক্ৰমণাত্মক বেটিং, আনফালে ছিৰাজ, প্ৰসিদ্ধ কৃষ্ণৰ দমনীয় বলিং। ঘৰুৱা খেলপথাৰতে মুম্বাইক অনায়াসে পৰাস্ত কৰে গুজৰাট টাইটানছে। শনিবাৰে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত হাৰ্দিক পাণ্ডিয়াৰ মুম্বাইক পৰাস্ত কৰি গুজৰাটে লীগ টেবুলৰ তৃতীয় স্থানলৈ আৰোহণ কৰে। আনহাতে, একেৰাহে দুখন মেচত পৰাস্ত হৈ মুম্বাই দহৰ ভিতৰত নৱম স্থানলৈ অৱনমিত হয়।

টছত জয়লাভ কৰি মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। গুজৰাটৰ শুভমান গিল আৰু সাই সুদৰ্শনে বেটিং মুকলি কৰে। দুয়োজন অ’পেনাৰেই ভাল আৰম্ভণি কৰিছিল। অৱশ্যে নৱম অভাৰত হাৰ্দিক পাণ্ডিয়াৰ বলত নমন ধীৰৰ হাতত ধৰা পৰি গিল পেভিলিয়নলৈ উভতি আহে। তেওঁ ২৭টা বলত ৩৮ ৰানৰ ইনিংছ খেলিছিল।

তাৰ পাছত জোছ বাটলাৰে সুদৰ্শনৰ সংগ দিবলৈ ক্ৰীজত নামে। তেওঁ ২৪টা বলত ৫টা চাৰি আৰু এটা ছয়ৰে ৩৯ ৰান সংগ্ৰহ কৰে। ১৪ নং অভাৰত তেওঁ মুজিব উৰ ৰহমানৰ বলত কেচ আউট হয়। তাৰ পাছত সুদৰ্শনে প্ৰায় এককভাৱে মুম্বাইৰ দলটোক আগুৱাই লৈ গ’ল। তেওঁ ৪১টা বলত ৬৩ ৰানৰ এটা সাৱলীল ইনিংছ খেলিছিল।

যেতিয়া সুদৰ্শন ট্ৰেণ্টৰ অব্যৰ্থ ইয়ৰ্কাৰত এল বি ডব্লিউ আউট হৈছিল, তেতিয়া স্ক’ৰব’ৰ্ডত আছিল ১৭.৬ অভাৰত ৪ উইকেটৰ বিনিময়ত ১৭৯ ৰান। সাই সুদৰ্শন আউট হোৱাৰ পিছত বাকী কোনোৱেই তেনেকৈ আক্ৰমণ আগবঢ়াব নোৱাৰিলে। ইয়াৰ পিছৰ দুটা অভাৰত ৪টা উইকেট হেৰুৱাই মাত্ৰ ১৭ ৰানহে আহিল। শেষত নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই গুজৰাটৰ স্ক’ৰ ১৯৬ ৰান হয়।

বেটিং কৰিবলৈ নামি মুম্বাইয়ে আৰম্ভণিতে এক বিপৰ্যয়ৰ সন্মুখীন হয়। ১৯৭ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ আহি প্ৰথম অভাৰতে ৰোহিত শৰ্মাক ছিৰাজে ব’ল্ড আউট কৰে। চতুৰ্থ অভাৰত ছিৰাজে ৰায়ান ৰিকেলটনক আউট কৰে। এই জটিল পৰিস্থিতিত মুম্বাইৰ দায়িত্ব লয় তিলক ভাৰ্মা আৰু সূৰ্যকুমাৰ যাদৱে। প্ৰায় ৮ অভাৰ যুঁজি দিলেও স্ক’ৰব’ৰ্ডে ১০০ৰ সীমা অতিক্ৰম কৰাৰ পূৰ্বেই তিলক আউট হয়। সূৰ্য্যই অৱশ্যে ২৮টা বলত ৪৮ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলিছিল যদিও  কোনো কামত নাহিল।

দলৰ ১৬ নং অভাৰত স্ক’ৰব’ৰ্ডত ৫ উইকেটত ১২০ ৰান হয়। তেওঁলোকে জয়ী হ’বলৈ মাত্ৰ ৪ অভাৰত ৭৬ ৰানৰ প্ৰয়োজন হৈছিল। বাকীসকলে প্ৰসিদ্ধ কৃষ্ণ, ছিৰাজ, আৰু সাই কিশোৰৰ শক্তিশালী বলিঙৰ আগত তিষ্ঠিব নোৱাৰিলে। মুম্বাই ইণ্ডিয়ানছে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই মাত্ৰ ১৬০ ৰানহে সংগ্ৰহ কৰে। অৰ্থাৎ গুজৰাটে মেচখনত ৩৬ ৰানত জয়লাভ কৰে।

সংক্ষিপ্ত স্কোৰঃ

গুজৰাট টাইটানছ : ১৯৬/৮ (সাই সুদৰ্শন ৬৩, গিল ৩৮, বাটলাৰ ৩৯, ছিৰাজ ৩/৩৬, কৃষ্ণ ২/১৮)

মুম্বাই ইণ্ডিয়ানছ : ১৬০/৬ (তিলক ৩৯, সূৰ্য্যকুমাৰ ৪৮, হাৰ্দিক পাণ্ডিয়া ২/২৯)

গুজৰাট টাইটানছ ৩৬ ৰানত জয়ী হয়।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd