স্বাধীনতাৰ ৭৮ বছৰ পাৰ হৈ গ’ল। তাৰ পূৰ্বেই দলিত সকলে নাপিতৰ ওচৰলৈ গৈ চুলি কটাত নিষেধাজ্ঞা আৰোপ কৰিছিল উচ্চ বৰ্ণৰ লোকসকলে। কিন্তু এতিয়াও শেষ নহ’ল সেই কুপ্ৰথা।
৭৯ সংখ্যক স্বাধীনতা দিৱসৰ কিছুদিন পূৰ্বে ২৪ বছৰীয়া এজন দলি যুৱকে সেই অন্যায় প্ৰথা ভংগ কৰে। দলিত যুৱকৰ নাম কীৰ্তি চৌহান। গোপনে বা আন এখন গাঁৱৰ চেলুনত নহয়, যোৱা ৭ আগষ্টত যুৱকজনে নিজৰ গাঁৱৰে নাপিতৰ চেলুনত গৈ চুলি কটালে।
গুজৰাটৰ আলৱাৰা নামৰ এখন দুৰ্গম গাঁৱত সংঘটিত হৈছে এই ঘটনা।
গাঁওখনত প্ৰায় ৬৫০০ জন লোকে বাস কৰে। ইয়াৰে কমেও ২৫০ জন দলিত লোক। এতিয়ালৈকে দলিতসকলে চুলি বা দাড়ি কাটিবলৈ আন এখন গাঁৱলৈ খোজ কাঢ়ি যাবলগীয়া হৈছিল। উচ্চ জাতিৰহে নাপিতৰ দ্বাৰা চুলি কটাৰ অধিকাৰ আছে। সেই পৰম্পৰা ভংগ কৰিলে দলিত যুৱক কীৰ্তি চৌহানে।
কিন্তু কোন এই কীৰ্তি চৌহান? পেছাত কৃষি শ্ৰমিক কীৰ্তিয়ে সৰুৰে পৰাই বৈষম্য দেখি আহিছে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি গাঁৱৰ কোনো নাপিতে দলিতৰ চুলি বা দাড়ি কাটিব পৰা নাই। সেই অধিকাৰ কেৱল উচ্চ বৰ্ণৰ লোকৰহে আছে। চুলি কাটিবলৈ সুদূৰ গাঁৱলৈ গ’লেও জাতি লুকুৱাই ৰাখিব লাগে। কিন্তু হঠাতে কীৰ্তিয়ে গাঁৱৰ চেলুনত চুলি কটাবলৈ সিদ্ধান্ত লয়।
কীৰ্তিৰ এই যুঁজত সংগ দিলে এগৰাকী সমাজকৰ্মী চেতন দাবিয়ে। উচ্চ বৰ্ণৰ লোকৰ এই অন্যায় নীতি আৰু দলিতৰ সাংবিধানিক অধিকাৰ বঞ্চিত কৰাৰ বিষয়ে চেতনে মানুহক সজাগ কৰিবলৈ আৰম্ভ কৰিলে। পিছত আৰক্ষী আৰু জিলা প্ৰশাসনেও তেওঁলোকৰ কাষত থিয় দিলে। এই বিষয়ত গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ সৈতেও আলোচনা কৰা হয়। শেষত এই যুঁজত উচ্চ বৰ্ণৰ লোক পৰাস্ত হ’ল।
এনে অসম্ভৱ কাম সম্ভৱ কৰি তোলা কীৰ্তিয়ে কয় যে স্বাধীনতাৰ আনন্দ সেইদিনাহে তেওঁ অনুভৱ কৰিছিল। গাঁওখনৰ আন দলিতসকলে কয় যে আলৱাৰাত এই নিয়ম বহুদিনৰ পৰা চলি আহিছে। স্বাধীনতাৰ আগতে তেওঁলোকৰ পূৰ্বপুৰুষসকলো এই বৈষম্যৰ বলি হৈছিল। অৱশেষত অন্ত পৰিল এই অন্যায় আৰু বৈষম্যৰ যুগ। এই যুঁজৰ পৰাই আন এক সংগ্ৰামৰ উৎস বিচাৰি পাইছে আলৱাৰাৰ দলিতসকলে। এতিয়াও যিকোনো সকাম-নিকামলৈ গ’লে দলিত সকল পৃথকে বহিবলৈ বাধ্য হয়। দলিতসকলে সপোন দেখিছে যে এই বিভাজনো এদিন সমাধান হ’ব।