গুৱাহাটীত মোদী ৰাজ্যৰ ৭০ বছৰীয়া “একলব্য”, তেওঁৰ লক্ষ্য স্থান হ’ল লণ্ডন

Gujarat's "Ekalabya'' reaches Guwahati

গুৱাহাটীত শুকুৰবাৰে ভৰত দাৱে। ছবি-- নৰ্থ ইষ্ট নাও।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটৰ চৰকাৰে “একলব্য” সন্মানেৰে সন্মানিত কৰা ভৰত দাৱে শুকুৰবাৰে আহি গুৱাহাটীত উপস্থিত হৈছে।

লক্ষ্য তেওঁৰ লণ্ডন।

স্বাধীনতা সংগ্ৰামী, নেহৰু চৰকাৰ তথা ভাৰতৰ প্ৰথম গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ “এক ভাৰত শ্ৰেষ্ঠ ভাৰত” বাণী প্ৰচাৰৰ লক্ষ্যৰে ৭০ বছৰীয়া লোকজনৰ এই যাত্ৰা।

পেটেলৰ জন্মদিন ৭ জুলাইৰ পৰা আৰম্ভ কৰা এই যাত্ৰাত তেওঁ ভাৰতৰ ২৯খন ৰাজ্যৰ ৰাজধানী কৰিব।

ইতিমধ্যে তেওঁৰ ভ্ৰমণে দেশৰ ২০খন ৰাজধানী সামৰি লৈছে, ভৰতে জনায়।

“চৰ্দাৰ বল্লভভাই পেটেলৰ বাণীক মূল বিষয়বস্তু হিচাপে লৈ মই এই যাত্ৰা আৰম্ভ কৰিছোঁ। প্ৰতিদিনে ভাৰতৰ এখনকৈ ৰাজধানী ভ্ৰমণ কৰাৰ লক্ষ্যৰে মোৰ এই যাত্ৰা আৰম্ভ কৰিছো। বৰ্তমান ২০টা দিনত ভৰি দিয়া মোৰ এই যাত্ৰা সফলভাৱে চলি আছে আৰু উদ্দেশ্য অনুসৰিয়ে মই প্ৰতিদিনে প্ৰতিখন ৰাজ্য ৰাজধানী ভ্ৰমণ কৰিবলৈ সক্ষম হৈছো বৰ্তমানলৈকে। আজি মই উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ দিছপুৰত উপস্থিত হৈছো,” জনালে ভৰতে।

আনহাতে অসমৰ মাটিত ভৰি দি তেওঁ ভাৰতৰ আন ৰাজ্যৰ মানুহৰ মনত অসম সম্পৰ্কে এক ভুল ছবি থকা বুলি মত প্ৰকাশ কৰে।

“অসম এখন অনুন্নত ৰাজ্য বুলি ধাৰণা আছে। তাৰ সম্পূৰ্ণ বিপৰীত ছবি আজি দেখিবলৈ পাইছো। অসমত থাকি মই প্ৰতিটো মুহূৰ্ত সুন্দৰভাৱে উপভোগ কৰিছো,” ভৰতে জনায়।

যাত্ৰাত তেওঁৰ সহযোগী হিচাপে আছে আশুতোষ মেহতা নামৰ গুজৰাটৰে এজন যুৱক।

এই যাত্ৰাৰ পূৰ্বেও ভৰত দাৱে বহুকেইটা প্ৰতিযোগিতামূলক ৰেলিত অংশগ্ৰহণ কৰিছে।

ভৰতে ভাগ লোৱা ৰেলিৰ ভিতৰত আছে হিমালয়ান ৰেলি (ভাৰতত, ১৯৮৫-১৯৯০ চনলৈকে ছয়বাৰ), চাফাৰি ৰেলি (কেনিয়াত তিনিবাৰ)।

তেওঁৰমতে, ভাৰতৰ পৰা আন্তৰ্জাতিক কাৰ ৰেলিত অংশগ্ৰহণ কৰা তেৱেঁই প্ৰথম ব্যক্তি।