NORTHEAST NOW (Assamese)

২০০ কোটিৰ সম্পত্তি দান কৰি সন্ন্যাসী হ’বলৈ ওলাইছে গুজৰাটৰ ধনী দম্পতী!

April 16, 2024 7:21 am · এন ই নাও নিউজ, গুৱাহাটী

গুজৰাটৰ এহাল ধনী দম্পতীয়ে মঠ ধৰ্ম গ্ৰহণৰ বাবে ২০০ কোটি টকাৰ সম্পত্তি দান কৰিছে। গুজৰাটৰ হিম্মতনগৰৰ জৈন সম্প্ৰদায়ৰ ব্যক্তি ভৱেশ ভাণ্ডাৰী আৰু তেওঁৰ পত্নীয়ে যোৱা ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ সকলো সম্পত্তি দান কৰিছিল। এতিয়া মুক্তিৰ সন্ধানত পৰিব্ৰাজনলৈ যাব।

ভৱেশ ভাণ্ডাৰী পেছাত এজন ব্যৱসায়ী। তেওঁৰ নিৰ্মাণ ব্যৱসায় আছিল। জানিব পৰা মতে, সন্তানৰ পৰাই এই দম্পতীহালে সন্ন্যাস লোৱাৰ প্ৰেৰণা লাভ কৰিছিল। দুবছৰ পূৰ্বে ভৱেশ ভাণ্ডাৰীৰ ১৯ আৰু ১৬ বছৰ বয়সৰ পুত্ৰ দুটিয়ে সন্যাস লৈছিল।

এতিয়া লৌকিক ভ্ৰম এৰি মঠ জগতত ভৰি দিবলৈ ওলাইছে ভাণ্ডাৰী দম্পতী। ২২ এপ্ৰিলত দীক্ষা গ্ৰহণ কৰিব তেওঁলোকে। তাৰ পিছত তেওঁলোকে খালী ভৰিৰে দেশ ভ্ৰমণ কৰিব। দীক্ষাৰ সময়ত দম্পতীহালক দুসাজ বগা কাপোৰ, এটা দানৰ বাটি আৰু এটা বগা সমাৰ্জনী বা জন্তা দিয়া হ’ব।

ভাণ্ডাৰী পৰিয়ালৰ এই সিদ্ধান্তই সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। যোৱা বছৰৰ আৰম্ভণিতে গুজৰাটৰ এজন হীৰা ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়েও একেই সিদ্ধান্ত লৈছিল। মন কৰিবলগীয়া যে তেওঁলোকৰ ১২ বছৰীয়া কন্যা সন্তানে সন্ন্যাস লোৱাৰ পাঁচ বছৰৰ পাছত এই সিদ্ধান্ত লৈছিল দম্পতীহালে। কোৱা হৈছিল যে শিশুটিৰ পৰা অনুপ্ৰাণিত হৈ এই সিদ্ধান্ত লৈছিল দম্পতীহালে।

Related News