মহানগৰীৰ সমীপৰ ক্ষেত্ৰীত ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলী চালনা অচিনাক্ত দুৰ্বৃত্তৰ

IMG_20200729_185654

আজি মহানগৰীৰ সমীপৰ ক্ষেত্ৰীত শিহৰণকাৰী ঘটনা সংঘটিত হয়।

ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত খালৈবাৰীত বুধবাৰে এই গুলীচালনা ঘটনা সংঘটিত হয়।

মৰিগাঁওৰ বালাজী হাৰ্ডৱেৰৰ স্বত্বাধিকাৰ ৰাকেশ কুমাৰ ৰাঠী চালক মফিজুল হুছেইনৰ সৈতে এ এছ ২১ চি ৬৭৭২ নম্বৰৰ বাহনত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সামগ্ৰী ক্ৰয় কৰিবলৈ গুৱাহাটীলৈ গৈ থকা অৱস্থাত খালৈবাৰীত গুলী চালনা কৰে কোনো অচিনাক্ত লোকে।

ঘটনা অনুসৰি মহিন্দ্ৰা জিতো বাহনখনৰ খিৰিকীৰ গ্লাচ ভঙা প্ৰত্যেক্ষ কৰি চালকে গাড়ীখন ৰখায়।

গাড়ীৰ ভিতৰত মাৰাণাস্ত্ৰৰ এটি গুলী দেখি তেওঁলোকক যে গুলীয়া হৈছিল সেয়া নিশ্চিত হয় আৰু লগে লগে ক্ষেত্ৰী আৰক্ষী থানাত সমগ্ৰ ঘটনা বিৱৰি কয়।

 ইপিনে গাড়ীৰ চালকজনে জনোৱা অনুসৰি সেই মূহুৰ্তত তেওঁলোকৰ কাষেৰে ৰঙা ৰঙৰ অল্টো গাড়ী এখন পাৰ হৈ গৈছিল আৰু তাৰ পৰাই গুলীওৱাৰ সন্দেহ কৰা হৈছে।

আনহাতে ব্যৱসায়ী ৰাঠীয়ে জনোৱা অনুসৰি তেওঁক পূৰ্বেও কোনো অচিনাকী লোকে ফোনযোগে ধন দাবী কৰিছিল আৰু সেই সন্দৰ্ভত মৰিগাঁও থানাত তেওঁ গোচৰ দাখিল কৰিছিল ।

ইতিমধ্যে  ঘটনাস্থলীত  মহানগৰ পূব আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত সুভাষিণী সংকৰম আৰু সহকাৰী আৰক্ষী আয়ুক্ত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।