কেলিফৰ্ণিয়াৰ মণ্টেৰী পাৰ্কৰ গুলীচালনাৰ মূল অভিযুক্ত আত্মঘাতী হৈছে। আৰক্ষীয়ে জনায় যে গুলীচালনাৰ পিছত পলাবলৈ লোৱাৰ সময়ত আততায়ীক চাৰিওফালৰ পৰা ঘেৰি ধৰা হৈছিল। পলাই যোৱাৰ কোনো উপায় নেদেখি অভিযুক্তই নিজৰ শৰীৰতে গুলী চলায়। ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়।
শনিবাৰে বন্দুকধাৰীজনে মণ্টেৰী পাৰ্ক চহৰত চীনা নৱবৰ্ষ উদযাপনৰ বাবে আয়োজিত এক অনুষ্ঠানত আক্ৰমণ কৰে। অনুষ্ঠানটোৰ মাজতে নিৰ্বিচাৰ গুলীচালনা কৰা হয়। ঘটনাটোত কমেও ১০ জন লোক নিহত হৈছে আৰু আন বহুতো লোক আঘাতপ্ৰাপ্ত হৈছে।
লগতে পঢ়ক: মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ; চৰকাৰ আৰু ন্যায়পালিকাৰ সংঘাতৰ মাজতে টুইট মোডীৰ
লছ এঞ্জেলছ আৰক্ষীয়ে জনায় যে শ্বুটাৰজনক ৭২ বছৰীয়া হু কেন ট্ৰান বুলি চিনাক্ত কৰা হৈছে। আক্ৰমণটোৰ আঁৰত আৰ আন কোনো লোক নাছিল বুলি ধাৰণা কৰা হৈছে। আৰক্ষীয়ে এতিয়াও আক্ৰমণটোৰ আঁৰৰ উদ্দেশ্য নিশ্চিত কৰিব পৰা নাই।
৭২ বছৰীয়া বৃদ্ধজনে কিয় হঠাতে নৱবৰ্ষৰ অনুষ্ঠানত গুলীচালনা কৰিছিল আৰু ইমান লোকক হত্যা কৰাৰ পিছত কিয় আত্মঘাতী হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে আক্ৰমণটোৰ বিষয়ে সকলো তথ্য সংগ্ৰহ কৰিবলৈ তৎপৰ হৈ পৰিছে। তেওঁলোকে বিতং তদন্ত কৰি আছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, আক্ৰমণৰ পিছত অভিযুক্তজনে এখন ভানত পলাইছিল। পুলিচে ভানখন অনুসৰণ কৰিছিল। তেতিয়া ভানখনৰ ভিতৰৰ পৰা গুলীবৰ্ষণৰ শব্দ শুনা গৈছিল। তাৰ পিছত, দেখা গৈছিল যে বৃদ্ধজনে নিজৰ শৰীৰত গুলী চলাইছিল। তেওঁৰ শৰীৰত মাত্ৰ এটা গুলীৰ আঘাত পোৱা গৈছে।
লগতে পঢ়ক: প্ৰতিটো ভোটৰ বাবদ ৬,০০০ টকা দিয়াৰ ঘোষণা; বিজেপি নেতাৰ মন্তব্যই জোকাৰিছে কৰ্ণাটক
উল্লেখ্য যে শনিবাৰে চীনা নৱবৰ্ষ আছিল। সেই উপলক্ষে মণ্টেৰী পাৰ্কত বহুতো লোক একত্ৰিত হৈছিল। অনুষ্ঠানৰ সময়ত, শনিবাৰে স্থানীয় সময় অনুসৰি নিশা ১০ বজাৰ পিছত, শুনা গৈছিল যে এজন বন্দুকধাৰীয়ে মেচিনগান লৈ চহৰত ঘূৰি ফুৰিছে। তেওঁ নিৰ্বিচাৰভাৱে গুলীচালনা কৰি আছে। যিয়ে যেনেকৈ পাৰে পলাইছিল। গুলীচালনাত আহতসকল স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।