NORTHEAST NOW (Assamese)

কেলেংকাৰীৰ অভিযোগ: ডুবাইত গ্ৰেপ্তাৰ হ’ল ভাৰতীয় বংশোদ্ভৱ ব্যৱসায়ী সংস্থা গুপ্তা ব্ৰাদাৰ্ছ

June 7, 2022 5:59 pm · এন ই নাও নিউজ, গুৱাহাটী

আৰৱবিশ্ব আৰু ভাৰতৰ মাজত তীব্ৰ সংঘাত চলি থকাৰ মাজতে ডুবাইত গ্ৰেপ্তাৰ হৈছে এটা ভাৰতীয় বংশোদ্ভৱ ব্যৱসায়ী সংস্থা। গুপ্তা ব্ৰাদাৰ্ছ নামৰ দক্ষিণ আফ্ৰিকাস্থিত এই প্ৰবলপ্ৰতাপী ব্যৱসায়ী সংস্থাটোৰ বিৰুদ্ধে অনেক অনিয়মৰ অভিযোগ আছিল।

ডুবাই আৰক্ষীয়ে জনোৱামতে, তেওঁলোকৰ বিৰুদ্ধে থকা বিত্তীয় অনিয়ম আৰু অপৰাধৰ গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখযোগ্য যে অতুল আৰু ৰাজেশ গুপ্তা নামৰ দুজন ককাই-ভায়েৰে গঠিত হোৱা এই গুপ্তা ব্ৰাদাৰ্ছৰ দক্ষিণ আফ্ৰিকাত বৃহৎ ব্যৱসায়ী সাম্ৰাজ্য আছে।

১৯৯৩ চনত তেওঁলোকে উত্তৰপ্ৰদেশস্থিত পৈতৃক ভূমিৰ পৰা দক্ষিণ আফ্ৰিকালৈ প্ৰব্ৰজন কৰিছিল। দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাৰো ঘনিষ্ঠ হোৱাৰ সূত্ৰে বিভিন্ন অনিয়মো সাধন কৰিছিল।

২০১৮ চনৰ এটা দুৰ্নীতি সংক্ৰান্তীয় অনুসন্ধানৰ পৰা বাচিবলৈ গুপ্তা ব্ৰাদাৰ্ছে দক্ষিণ আফ্ৰিকাৰ পৰা ডুবাইত পলায়ন কৰি আছিল। আনহাতে, জেকব জুমাইও ব্যাপক দুৰ্নীতিৰ অভিযোগত ৰাষ্ট্ৰপতিৰ পদৰ পৰা পদত্যাগ কৰিছিল।

এতিয়া গুপ্তা ব্ৰাদাৰ্ছে ডুবাইত গ্ৰেপ্তাৰৰ সমুখীন হোৱাৰ পাছত দক্ষিণ আফ্ৰিকা চৰকাৰে আশা কৰিছে যে অতি সোনকালে ব্যৱসায়ী ভাতৃদ্বয়ৰ বিৰুদ্ধে থকা গোচৰসমূহ পুনৰ অনুসন্ধান কৰিব পৰা যাব।

Related News