অশোকা ইউনিভাৰ্ছিটিৰ প্ৰতিষ্ঠাপক গুপ্তা ব্ৰাদাৰ্ছৰ বিৰুদ্ধে চিবিআইৰ প্ৰৱঞ্চনাৰ গোচৰ

Gupta Brothers

চিবিআইৰ জালত পৰিল অশোকা ইউনিভাৰ্ছিটিৰ প্ৰতিষ্ঠাপকদ্বয় প্ৰণৱ গুপ্তা আৰু বিনীত গুপ্তা। গুপ্তা ব্ৰাদাৰ্ছ হিচাপে জনাজাত এই ব্যৱসায়ী দুজনৰ বিৰুদ্ধে ষোল্লশ কোটি টকাৰ জালিয়াতী ধৰা পেলাইছে চিবিআইয়ে।

কালি প্ৰকাশ পোৱা বাতৰি অনুসৰি, ৩১ ডিচেম্বৰত দিল্লীকে ধৰি কেইবাটাও ঠাইত অভিযান চলোৱাৰ পাছতে এই বৃহৎ জালিয়াতি ধৰা পৰে।

এই বৃহৎ জালিয়াতী ধৰা পৰাৰ পাছত চিবিআইয়ে গুপ্তা ব্ৰাদাৰ্ছৰ পেৰাবলিক ড্ৰাগছ নামৰ সংস্থাটোৰ বিৰুদ্ধে এটা প্ৰৱঞ্চনাৰ গোচৰ তৰিছে। গোচৰটোত গুপ্তা ব্ৰাদাৰ্ছৰ উপৰিও আন দহজন লোককো অভিযুক্ত কৰা হৈছে।

চিবিআইয়ে জনোৱা মতে, পেৰাবলিক ড্ৰাগছৰ দ্বাৰা অবৈধ আৰু ভুৱা নথিপত্ৰৰে গুপ্তা ব্ৰাদাৰ্ছে দেশৰ ১১ টাকৈ ৰাজহুৱা খণ্ডৰ বেংকৰ পৰা ঋণ লয়।

এছবিআই, ইউকো বেংক, আইচিআইচিআই বেংককে ধৰি কেইবাটাও বেংকৰ পৰা লোৱা এই ঋণৰ পৰিমাণ ১,৬২৬ কোটি টকা বুলি জানিব পৰা গৈছে। তাৰপাছতে চিবিআইয়ে তেওঁলোকৰ ওপৰত অনুসন্ধান চলায়।

উল্লেখযোগ্য যে গুপ্তা ব্ৰাদাৰ্ছ হৈছে পেৰাবলিক ড্ৰাগছ নামৰ এটা ঔষধ প্ৰস্তুতকাৰী সংস্থাৰ স্বত্বাধিকাৰ। তদুপৰি হাৰিয়ানাৰ চনেপট চহৰত গুপ্তা ব্ৰাদাৰ্ছে ২০১৪ চনত অশোকা ইউনিৰ্ভাচিটি স্থাপন কৰিছিল।

তাৰপাছতে দেশৰ শৈক্ষিক মহলত ইউনিভাৰ্ছিটিখন জনপ্ৰিয় হৈ পৰা দেখা যায়। কেৱল জনপ্ৰিয়ই নহয়, মাজে মাজে কেতবোৰ বিতৰ্কতো সোমাই পৰিছিল ইউনিভাৰ্ছিটিখন।

শেহতীয়াকৈ ৰাজনৈতিক বিশেষজ্ঞ প্ৰতাপ ভানু মেহতা আৰু অৰ্থনীতিবিদ অৰৱিন্দ সুব্ৰমনিয়ামে ইউনিভাৰ্ছিটিখনৰ অধ্যাপক পদ ত্যাগ কৰে।

অধ্যাপক দুগৰাকীয়ে অভিযোগ কৰে যে ইউনিভাৰ্চিটিখনক শৈক্ষিক স্বাধীনতাৰ একেবাৰে অভাৱ। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে গুপ্তা ব্ৰাদাৰ্ছৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ দৰে ঘটনাও সংঘটিত হৈছিল।