ঝাৰখণ্ডত পুনৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে গুটখা আৰু পানমছলাত। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে মঙলবাৰে এক নিৰ্দেশনাৰ জৰিয়তে এই ঘোষণা কৰে। ইয়াৰ পূৰ্বে ঝাৰখণ্ড চৰকাৰে ৰাজ্যত গুটখা আৰু পান মছলা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছিল। আৰু পাছত প্ৰত্যাহাৰ কৰা হয়। এই নিষেধাজ্ঞা আৰু এবছৰৰ বাবে কাৰ্যকৰী কৰা হৈছে।
মঙলবাৰে ঝাৰখণ্ড চৰকাৰে ঘোষণা কৰে যে ৰাজ্যত কমেও আগন্তুক এবছৰৰ বাবে ধঁপাত ভিত্তিক পান মছলা আৰু গুটখাৰ উৎপাদন, মজুত, বিক্ৰী আৰু যোগান নিষিদ্ধ কৰা হ’ব। এই নিৰ্দেশনা খাদ্য সুৰক্ষা আৰু গুণগত উন্নতি আইন, ২০০৬ৰ ধাৰা ৩০ (২) (ক)ৰ অধীনত কাৰ্যকৰী কৰা হৈছে।
সাধাৰণ জনতাৰ স্বাস্থ্য সুৰক্ষাৰ কথা মনত ৰাখি গুটখা আৰু পান মছলাৰ বিক্ৰী, ক্ৰয় আৰু যোগানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি জাননীখনত উল্লেখ কৰা হৈছে।
মন কৰিবলগীয়া যে ভাৰতৰ কেইবাখনো ৰাজ্যত গুটখা নিষিদ্ধ। তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, আৰু বিহাৰত গুটখা বিক্ৰীৰ ওপৰত চৰকাৰী নিষেধাজ্ঞা। ২০১২ চনৰ মে’ মাহৰ পৰা কেৰালাত গুটখা বিক্ৰী নিষিদ্ধ কৰা হৈছে। ২০১২ চনৰ এপ্ৰিল মাহত মধ্যপ্ৰদেশ চৰকাৰে গুটখা বিক্ৰী আৰু যোগান নিষিদ্ধ কৰিছিল। মহাৰাষ্ট্ৰতো পান মছলা আৰু গুটখা বিক্ৰী নিষিদ্ধ কৰা হৈছে।
শেহতীয়াকৈ পশ্চিম বংগ চৰকাৰে আগন্তুক এবছৰৰ বাবে বংগত গুটখা আৰু ধঁপাত ভিত্তিক মছলা বিক্ৰী নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছে। গাইডলাইন জাৰি কৰিছে স্বাস্থ্য বিভাগে। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰা এক অধিসূচনাত কোৱা হৈছে যে ৰাজ্য চৰকাৰে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে জনোৱা হৈছে যে এই পদক্ষেপ ২০১১ চনৰ ‘খাদ্য সুৰক্ষা আৰু গুণগত মানৰ নিয়ম’ৰ ‘বিক্ৰী নিয়ন্ত্ৰণ আৰু নিষেধাজ্ঞা’ৰ বিভিন্ন ধাৰা মানি চলিছে। অহা ৭ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নিষেধাজ্ঞা।