NORTHEAST NOW (Assamese)

স্বাধীনতা দিৱস : কূটাঘাতৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি বৰঝাৰ বিমানবন্দৰত হাই এলাৰ্ট জাৰি

August 14, 2019 7:39 am · এন ই নাও নিউজ
Updated: August 14, 2019 8:16 am

স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন। ৭৩ সংখ্যাক স্বাধীনতা দিৱসক আদৰিবলৈ সাজু সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসী ।

স্বাধীনতা দিৱসক লক্ষ্য কৰি যাতে কোনো দুৰ্বৃত্তই কূটাঘাত মূলক কাৰ্য কৰিব নোৱাৰে তাক লৈ সষ্টম হৈছে চি আই এচ এফৰ লগতে মহানগৰ আজাৰা আৰক্ষী।

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰতো তীব্ৰ কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী।

চি আই এচ এফ আৰু বৰঝাৰ আৰক্ষীয়ে তন্ন-তন্নকৈ পৰীক্ষা কৰিছে সকলো ধৰণৰ গাড়ীৰ আৰু যাত্ৰীৰ বেগসমূহ।

বিমানবন্দৰ চৌহদত স্নিফাৰ ড’গৰেও চলাইছে তালাচী। নিৰাপত্তাৰ মাজত যাতে কোনো সুৰুঙা ৰৈ নাযায় তাক লৈও সষ্টম চি আই এচ এফ আৰু আৰক্ষী ।

বিমানবন্দৰ চৌহদত দিনে-নিশাই পহৰা তথা তালাচী দি আছে চি আই এচ এফ আৰু আৰক্ষীয়ে। বিমানবন্দৰটোত অহা ২০ আগষ্ট লৈ হাই এলাৰ্ট জাৰি কৰা হৈছে।

Related News