ব্ৰহ্মপুত্ৰৰ নাও দুৰ্ঘটনাই অধিক শংকিত কৰি তুলিছে মাজুলীবাসীক; মাজুলীতো হ’ব পাৰে অনুৰূপ ঘটনা

Majuli Ferry

প্ৰতিনিধিত্বমূলক ছবি

শেহতীয়াকৈ ৰাজ্যখনৰ শিৱসাগৰৰ দিখৌ নদী আৰু গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত দুটাকৈ শোকাৱহ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীবাসীকো ব্যথিত কৰি তোলে।

বিশেষকৈ যোৱা ৫ ছেপ্তেম্বৰত উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ সমীপত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত মৰ্মান্তিক যাত্ৰীবাহী নাও দুৰ্ঘটনাৰ পিছতেই ফেৰীকে যাতায়তৰ মুখ্য সম্বল হিচাপে লোৱা মাজুলীৰ জনসাধাৰণ অধিক শংকিত হৈ পৰিছে।

যাত্ৰী, গাড়ী-মটৰ পাণ জপাদি জাপি অহা ফেৰীসমূহত নিতৌ অতি বিপদ সংকুলতাৰে যাত্ৰীসকল ইপাৰ-সিপাৰ হৈ আহিবলগীয়া হৈ আহিছে। বিশেষকৈ অফলামুখ ফেৰী ঘাটৰ অৱস্থা যথেষ্ট বিপদ সংকুল।

উল্লেখযোগ্য যে মাজুলী জিলাৰ প্ৰায় দুই লক্ষ্যাধিক মানুহৰ জীৱনক লৈ হেতালী খেলা জলপৰিবহন বিভাগে নৌকা যাত্ৰাৰ আধুনিকীকৰণৰ নামত ‘কণা হাঁহক পতান দিয়া’ৰ দৰে নতুনকৈ ৪খন ফেৰী দিয়েই দায়িত্ব সামৰিলে।

আনহাতে, মুখ্য মন্ত্ৰীয়ে যি ৪খন ফেৰী মাজুলীত মুকলি কৰিলে তাৰে দুখন ফেৰী নিৰ্মাণৰ বিসংগতিৰ বাবে দুদিন চলায়েই জল পৰিবহণ বিভাগে বন্ধ কৰি দিলে।

তদুপৰি বাকী থকা আনদুখন যাত্ৰীবাহী ফেৰীৰ এখন মাল কঢ়িওৱাত ব্যৱহাৰ কৰি আনখন পুনৰ নিৰ্মাণ কৰে। পিছে মাল কঢ়িওৱা ফেৰীখনৰো ইঞ্জীন বিকল হৈ পৰাত এতিয়া নিমাতীতে পৰি ৰৈছে মুখ্য মন্ত্ৰীয়ে মাজুলীবাসীক দিয়া উপহাৰ।

মাজুলীৰ জনসাধাৰণে, তেওঁলোকৰ বহু প্ৰত্যাশিত, প্ৰস্তাৱিত যোৰহাট-মাজুলী সংযোগী দলঙখনৰ কাম ক্ষীপ্ৰতাৰে আগবঢ়াই নিবলৈ চৰকাৰক আহ্বান জনাইছে। অন্যথা অনাগত দিনত গুৱাহাটীত সংঘটিত অভিশপ্ত নাও দুৰ্ঘটনাটোৰ দৰে মাজুলীবাসীৰ ক্ষেত্ৰতো একে দুৰ্যোগ নামি অহাৰ সম্ভাৱনাই প্ৰৱল।

সেয়ে মাজুলীৰ ৰাইজ তথা সকলো দল-সংগঠণে তেওঁলোকৰ মনৰ পৰা বিপদৰ আশংকা দূৰ কৰিবলৈ শীঘ্ৰে জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।