গুৱাহাটী চিটী এফ চিৰ জাৰ্ছী মুকলি : দেশৰ শীৰ্ষ লীগত অসমৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ লক্ষ্য

3675057f-f203-4c64-9e84-64e00c61b745

গুৱাহাটী চিটী এফ চিৰ জাৰ্ছী মুকলি।

গুৱাহাটী চিটী এফচি (জিচিএফচি)ৰ প্ৰথম আনুষ্ঠানিক জাৰ্ছী বৃহস্পতিবাৰে নেহৰু ষ্টেডিয়ামৰ চেম্পিয়ন্স ফুড ক’ৰ্টত উন্মোচন কৰা হয়। এই উপলক্ষে গুৱাহাটী চিটী এফচিৰ মুখ্য প্ৰশিক্ষক ৰংমন দাসে ক্লাবৰ ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে সদৰী কৰি কয় যে ক্লাবৰ ২১ অনুৰ্ধ দলে শুকুৰবাৰৰ পৰা জিএছএ চি ডিভিজনত অংশ লৈ প্ৰথমবাৰলৈ আনুষ্ঠানিক প্ৰতিযোগিতামূলক ফুটবলৰ অধ্যায় আৰম্ভ কৰিব ৷

২০১৭ৰ জন্মলগ্নৰে পৰা তৃণমূল পৰ্যায়ৰ বিকাশত মনোনিৱেশ কৰি অহা ক্লাবটোৱে ইতিমধ্যে অসমৰ প্ৰথম সংগঠিত যুৱ লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ অনুষ্ঠিত কৰিছে আৰু আজাৰা, ৰৌতা, গোৰেশ্বৰ আদি বিভিন্ন স্থানত ফুটবল স্কুল স্থাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷

তদুপৰি, ক্লাবৰ য়ুথ একাডেমীৰ অধীনত ২৩ গৰাকী যুৱ খেলুৱৈক আৱাসিক প্ৰশিক্ষণ দি থকা হৈছে। দাসে কয় যে অহা বছৰ য়ুথ আই লীগত যোগদানৰ প্ৰস্তুতি চলোৱা জিচিএফচিয়ে নিজৰ যুৱ দলসমূহৰ পৰাই অহা পাঁচ বছৰৰ ভিতৰত ছিনিয়ৰ দল গঠনৰ লক্ষ্য বান্ধি লৈছে যাতে দেশৰ শীৰ্ষ লীগত অসমক প্ৰতিনিধিত্ব কৰিব পাৰি ৷

অনুষ্ঠানত চেম্পিয়ন্স ফুড ক’ৰ্টৰ স্বত্বাধিকাৰ কুলজিৎ বৰ্মন, জিচিএফচিৰ সহ: প্ৰতিষ্ঠাপক সিদ্ধাৰ্থ শংকৰ ডেকা, ডৰিক ৰঞ্জন ডেকা, কৌস্তৱ চক্ৰৱৰ্তীয়ে জাৰ্ছীসমূহ উন্মোচন কৰে ৷

অনুষ্ঠানত সহকাৰী প্ৰশিক্ষক ৰোহিত শইকীয়া, ২১অনুৰ্ধ দলৰ অধিনায়ক মায়াৰাম বড়ো, সহঃ অধিনায়ক সন্দীপ ছিয়াংশ্বাইৰ লগতে জিচিএফচিৰ  ১৮ অনুৰ্ধ আৰু ২১অনুৰ্ধ দলৰ সকলো খেলুৱৈ উপস্থিত থাকে।