NORTHEAST NOW (Assamese)

গুৱাহাটী ৰে’লৱে আৰক্ষীৰ জালত পশ্চিমবংগৰ দুই যুৱতী, ৩৪ লাখ টকাৰ নিচাজাতীয় টেবলেট জব্দ

July 18, 2019 11:11 am · কল্পজ্যোতি শইকীয়া

গুৱাহাটী ৰে’লৱে আৰক্ষীয়ে আজি পুৱা ৭ বজাত এক  অভিযান চলাই বৃহৎসংখ্যক নিচাজাতীয় টেবলেটৰ সৈতে দুগৰাকী যুৱতীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱতী দুগৰাকীক ছোমা পল (২৬) আৰু সংগীতা মদাক (৩০) বুলি চিনাক্ত কৰা হৈছে।

আটকাধীন দুইগৰাকী যুৱতীয়ে পশ্চিমবংগৰ আলিপুৰ দুৱৰাৰ নিৱাসী বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

ৰে’লৱে আৰক্ষীয়ে নামনিৰ পৰা অহা ১২৪২৩ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ যুৱতী দুগৰাকীক। যুৱতী দুগৰাকীৰ পৰা ৰে’লৱে আৰক্ষীয়ে মুঠ ১৭৫ পেকেটৰ এটা পেকেটত ১৯৫ টাকৈ মুঠ ৩৪১০০ টা টেবলেট জব্দ কৰিবলৈ সক্ষম হয়।

ৰে’লৱে আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ডিমাপুৰৰ পৰা আলিপুৰদুৱাৰলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে আটকাধীন যুৱতী দুগৰাকীয়ে নিচাযুক্ত টেবলেসমূহ আনিছিল। জব্দ কৰা টেবলেটখিনিৰ বজাৰৰ মূল্য প্ৰায় ৩৪ লাখ টকা হ’ব বুলি ৰে’লৱে আৰক্ষীয়ে জনাইছে।

বৰ্তমানো ৰে’লৱে আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Related News