এন কোটিশ্বৰ সিঙক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

ইয়াৰ পূৰ্বে ২০১৯, ২০২০ আৰু ২০২২ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ দায়িত্বত আছিল ন্যায়াধীশ গৰাকী।

কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে যোৱা ১০ জানুৱাৰী তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত ন্যায়াধীশ নিযুক্তিৰ সন্দৰ্ভত এক অধীসূচনা জাৰী কৰে। এই এই অধীসূচনা অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ভাৰপ্ৰাপ্ত নয়ায়াধীশ হিচাপে কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে এন কোটিশ্বৰ সিঙক নিযুক্তি প্ৰদান কৰিছে।

অহা ১২ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব আইন মন্ত্ৰালয়ৰ এই অধীসূচনা।

উল্লেখ্য যে এন কোটিশ্বৰ সিঙ বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত  মুখ্য ন্যায়াধীশ হিচাপে সিঙৰ এইটো হ’ব চতুৰ্থটো কাৰ্যকাল।

ইয়াৰ পূৰ্বে ২০১৯, ২০২০ আৰু ২০২২ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ দায়িত্বত আছিল ন্যায়াধীশ গৰাকী।

প্ৰণিধানযোগ্য যে এন কোটিশ্বৰ সিঙৰ পিতৃ প্ৰয়াত এন ইবোটম্বি সিঙো আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। তেখেতৰে সুযোগ্য পুত্ৰ এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ।