NORTHEAST NOW (Assamese)

মাধ্যমিক ঠিকা ভিত্তিক শিক্ষকক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 31, 2019 11:33 am · এন ই নাও নিউজ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফাইল ফটো

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত ঠিকাভিত্তিক হিচাপে কাম কৰি থকা ৫,৯২৪ গৰাকী শিক্ষকৰ পদ সংৰক্ষিত কৰিহে সদ্যহতে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ চৰকাৰক আদেশ দিছে।

সদৌ অসম অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সংস্থাই দাখিল কৰা এখন লেখ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে চৰকাৰক এই অন্তৰ্ৱৰ্তী আদেশ দিয়ে।

উল্লেখযোগ্য যে, ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ অবিহনে ৰাজ্য চৰকাৰে মাধ্যমিক বিদ্যালয়ত নতুন শিক্ষক নিযুক্তি দিয়াৰ বাবে লোৱা সিদ্ধান্তৰ ফলত ঠিকাভিত্তিক শিক্ষকসকল চাকৰিৰ পৰা বঞ্চিত হোৱাৰ আশংকা কৰিয়ে তেওঁলোকে ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।

আনহাতে, আদালতে ঠিকাভিত্তিক শিক্ষকসকলৰ আবেদন নিষ্পত্তি নোহোৱা পৰ্য্যন্ত ঠিকাভিত্তিক শিক্ষকসকলে বৰ্তমান কৰি থকাৰ দৰে চাকৰি কৰি থাকিব পাৰিব বুলি মন্তব্য কৰে।

ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতে কিছুদিনৰ বাবে ঠিকাভিত্তিক শিক্ষকসকলে সকাহ পাব।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে দুমাহৰ ভিতৰত ৰাজ্য চৰকাৰক হাইস্কুল টেট অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছিল।

Related News