ৰেচনকাৰ্ডবিহীন সকলো দুখীয়া পৰিয়ালক ৰেচনকাৰ্ড প্ৰদান কৰক: গুৱাহাটী উচ্চ ন্যায়ালয়

গুৱাহাটী উচ্চ ন্যায়ালয়ে সামাজিক কৰ্মী মেহজেবিন ৰহমানৰ এক ৰাজহুৱা আবেদন(PIL/32/2021) ৰ শুনানি গ্ৰহণ কৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ৰেচনকাৰ্ডবিহীন পৰিয়ালক ৰেচন প্ৰদান কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

উল্লেখযোগ্য যে-বিভিন্ন দল-সংগঠন তথা স্বেচ্ছাসেৱী সংগঠনে দীৰ্ঘদিনধৰি ৰেচনকাৰ্ডবিহীন পৰিয়ালকসমূহক ৰেচনকাৰ্ড প্ৰদানৰ দাবী জনাই আহিছিল যদিও চৰকাৰ তথা কৰ্তৃপক্ষই এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাছিল।

ক’ভিডৰ বাবে লকডাউনত ৰেচনকাৰ্ডবিহীন বুজন সংখ্যক পৰিয়ালে চৰকাৰে দিয়া খাদ্য-সামগ্ৰীৰ পৰা বঞ্চিত হব লগা হৈছিল।

সেয়ে সমাজকৰ্মী মেহজেবিন ৰহমানে এইছ আৰ এল এন( হিউমেন ৰাইট ল নেৱৰ্কিং) সহায়ত উচ্চ ন্যায়ালয়ত এই লোকসকলৰ ন্যায়ৰ বাবে এক ৰাজহুৱা আবেদন কৰিছিল।’এইচ আৰ এল এন’ ৰ হৈ অধিবক্তা দেৱাশ্মীতা ঘোষে ন্যায়ালয়ত ওকালতি কৰে।

সমাজকৰ্মী মেহজেবিন ৰহমানে জানিব দিয়া অনুসৰি কৰ্তৃপক্ষই ২০১৩চনত ভোটাৰ তালিকাত নাম থকা ব্যক্তিকহে ৰেচনকাৰ্ডৰ বাবে আবেদনৰ অনুমতি দিয়াৰ লগতে ৰেচনকাৰ্ডৰ আবেদন ফৰ্মত জনপ্ৰতিনিধিৰ স্বাক্ষৰ বাধ্যতামূলক কৰাৰ বাবে বহুত পৰিয়াল বঞ্চিত হোৱাৰ লগতে শাসকীয় ৰাজনৈতিক দলবোৰে ভোটবেংকৰ ৰাজনীতি কৰিব সুবিধা পাইছিল।

তেওঁ জনায় যে-আনকি জন প্ৰতিনিধিৰ চহীলৈ সকলো চৰ্তমানি আবেদন কৰাৰ পিছতো বহুত পৰিয়ালে ৰেচন কাৰ্ড পোৱা নাছিল।

এতিয়া ন্যায়ালয়ৰ নিৰ্দেশত বিভাগীয় কৰ্তৃপক্ষৰ এই চৰ্তসমূহ নৰখাকৈ কৰ্তৃপক্ষৰ তত্বাৱধানত সকলো ৰেচনবিহীন দুখীয়া পৰিয়ালে ৰেচনকাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব।