ক’ৰ’নাৰ হটস্পটত গুৱাহাটী মহানগৰ! বহু অঞ্চল কন্টেইনমেন্ট জ’ন ঘোষণাৰ লগতে বান্ধি দিয়া হ’ল নতুন নিৰ্দেশনা

kamrup-containment-zones-1591871619

কামৰূপ মহানগৰ জিলাত কোভিডৰ সংক্ৰমণ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। যোৱা ২৮ এপ্ৰিলৰ পৰা ৪ মে’লৈকে ৯০২১ গৰাকী লোক কামৰূপ মহানগৰ জিলাত ক’ৰ’নাত আক্ৰান্ত হৈছিল বুলি এক সংবাদমেলত ঘোষণা কৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তই।

তেওঁ জনোৱা অনুসৰি কামৰূপ মহানগৰ জিলাৰ ৬ টা জ’নৰ পঞ্চম জ’নত আটাইতকৈ বেছি ক’ৰ’ণাৰ সংক্ৰমণ হৈছে। যোৱা এসপ্তাহত ২১৯০ গৰাকী লোক এই জ’নত কোভিডত আক্ৰান্ত হৈছে।

জ’ন ১ ত আছে ১২৫০ গৰাকী কোভিড আক্ৰান্ত। জ’ন ৩টো ১০০৫ টা কোভিড কেচ আছে।

৪০০ তকৈ অধিক কোভিড ৰোগী চিনাক্ত হোৱা ৱাৰ্ডত কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

তলত উল্লেখ কৰা অঞ্চল সমূহত আজিৰে পৰা কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে বুলি তেওঁ জনায়। তলত সেইখিনি অ-সম্পাদিতৰূপত দাঙি ধৰা হ’ল :

ইপিনে, এই কন্টেইনমেন্ট জ’নৰ বাবে কেতবোৰ নতুন নিৰ্দেশনাৰ কথা উল্লেখ কৰে জিলা উপায়ুক্তগৰাকীয়ে। তলত সেই নিয়ম উল্লেখ কৰা হ’ল :