চিমৰন হেটমেয়েৰৰ বিস্ফোৰক ১০৬ ৰানৰ সহায়ত ভাৰতক ৩২৩ ৰাণৰ বিশাল লক্ষ্য বান্ধি দিলে ৱেষ্ট ইণ্ডিজে

21-10-18 Guwahati-1st ODI India-West Indies Cricket match (39)

শতকীয় ইনিংছ খেলা ৱেষ্ট ইণ্ডিজৰ বেটছমেন চিমৰন হেটমেয়েৰ

গুৱাহাটীৰ বৰ্ষাপাৰাৰ ড০ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ প্ৰথমখন এদিনীয়াত আলহী দল ৱেষ্ট ইণ্ডিজে ভাৰতক জয়ৰ বাবে বান্ধি দিছে ৩২৩ ৰানৰ বিশাল লক্ষ্য।

আজিৰ মেচখনত ভাৰতে টছত জয়ী হৈ ৱেষ্ট ইণ্ডিজ দলক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। আৰম্ভণিতে ৱেষ্ট ইণ্ডিজ দলৰ অপেনাৰ চন্দ্ৰপল হেমৰাজক ব্যক্তিগত ৯ ৰানৰ স্ক’ৰত ভাৰতীয় পেচ বলাৰ মহম্মদ চামিয়ে পেভেলিয়নলৈ পঠিয়াই যদিও আনজন অপেনাৰ কাইৰন পাৱেলৰ সহায়ত ছাই হোপে দ্বিতীয় উইকেটৰ যুটীত দলক এক সৱল স্থিতিলৈ লৈ যায়।

অপেনাৰ কাইৰন পাৱেলে ব্যক্তিগত ৫১ ৰান কৰি খলীল আহমেদৰ বলত আৰু ৱান ডাউন বেটছমেন চাই হোপে ব্যক্তিগত ৩১ ৰান কৰি চামিৰ বলত আউট হয়।

আনহাতে ৱেষ্ট ইণ্ডিজ দলৰ আটাইতকৈ অভিজ্ঞ আৰু নিৰ্ভৰযোগ্য বেটছমেন মাৰ্ল’ন ছেমুৱেলছে শূণ্য ৰানতে পেভেলিয়নলৈ উভটি যাবলগীয়া হোৱাত দলটো কিছু শলঠেকত পৰিছিল যদিও চিমৰন হেটমেয়েৰৰ বিস্ফোৰক ১০৬ ৰানৰ সহায়ত দলটোৱে পুনৰ এক সৱল স্থিতিলৈ ঘূৰি আহে। হেটমেয়েৰে মাত্ৰ ৭৮টা বলতে উক্ত বিস্ফোৰক ইনিংছটো খেলি ৰবিন্দ্ৰ জাদেজাৰ বলত আউট হয়।

ইয়াৰ উপৰি অধিনায়ক জেছন হল্ডাৰৰ ৩৮ আৰু ল’ৱাৰ অৰ্ডাৰ বেটছমেন দেৱেন্দ্ৰ বিশ্বুৰ ২২ আৰু কেমাৰ ৰোছৰ ২৮ ৰাণৰ সহায়ত ৱেষ্ট ইণ্ডিজ দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৩২৩ ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে।

ইফালে মেচখনত ভাৰতৰ বলাৰসকল যথেষ্ট পৰিমানে ৰান খৰছ কৰা পৰিলক্ষিত হয়। ভাৰতৰ হৈ চামিয়ে ২টা, চাহালে ৩টা, খলীল আহমেদে ১টা আৰু ৰবিন্দ্ৰ জাদেজাই দুটাকৈ উইকেট দখল কৰে।

উল্লেখ্য যে গুৱাহাটীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট মেচৰ এয়া হৈছে দ্বিতীয় সৰ্ববৃহৎ স্ক’ৰ। ইয়াৰ পূৰ্বে ২০০২ চনৰ ১৯ মাৰ্চত জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত  ৩৩৩ ৰানৰ লক্ষ্য বান্ধি দিছিল। এতিয়া আজিৰ মেচখনত নিজৰ ইনিংছ মুকলি কৰি ভাৰতে কেনেদৰে নিজৰ লক্ষ্যত উপনীত হয় সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব।

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচত কোন দলে বিজয়ৰ হাঁহি মাৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।