গুৱাহাটীত নৱবৰ্ষ উদযাপনৰ সময়ত নাই এটাও পথ দুৰ্ঘটনা; মহানগৰবাসীয়ে পান কৰিলে ৬কোটি টকাৰ সুৰা

নৱবৰ্ষ উদযাপনৰ সময়ত ৰাজ্যখনত প্ৰায় ৭০ শতাংশ দুৰ্ঘটনা হ্ৰাস পোৱাৰ লগতে উক্ত দিনত গুৱাহাটীত কোনো দুৰ্ঘটনা সংঘটিত নোহোৱাকৈয়ে পাৰ হ’ল।

নৱবৰ্ষ উদযাপনৰ দিনটোত গুৱাহাটী মেডিকেল কলেজ হাস্পাতলত মুঠ প্ৰায় ২৯৩ ঘটনা পঞ্জীয়ন হয় আৰু ইয়াৰে ভিতৰত মাত্ৰ ৩৯টা পথ দুৰ্ঘটনা। পূৰ্বৰ বছৰত এইএনে ঘটনা ৫০০তকৈয়ো অধিক আছিল।

গুৱাহাটী মেডিকেল কলেজ হাস্পাতলৰ অধীক্ষকে জানিবলৈ দিয়া মতে উক্ত দিনটোত গুৱাহাটী মহানগৰীত এটাও পথ দুৰ্ঘটনা সংঘটিত হোৱা নাই।

ইপিনে, জিএমচিএইচত যি ৩৯টা পথ দুৰ্ঘটনা পঞ্জীয়ন হৈছে সেই কেইটা আন জিলাৰ পৰা উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা ঘটনাহে।

Also Read: Covid Update নৱবৰ্ষৰ প্ৰথমটো দিনত ৰাজ্যত কিমান আক্ৰান্ত হ’ল কোভিডত? মৃত্যু কিমানৰ?   

আনহাতে, ৩১ ডিচেম্বৰৰ নিশা মহানগৰবাসীয়ে সুৰা ক্ৰয়ৰ ক্ষেত্ৰত  অভিলেখ গঢ়িছে। ৩১ ডিচেম্বৰত মহানগৰীত ৬ কোটি টকাৰ সুৰা বিক্ৰী হৈছে। শনিবাৰে আৱকাৰী বিভাগে এই তথ্য দাঙি ধৰিছে।

৩১ডিচেম্বৰৰ নিশা গুৱাহাটী মহানগীৰৰ ৰাজপথত মহানগৰ আৰক্ষীয়ে ব্যাপক অভিযান চলায়। সিদিনা গুৱাহাটীত ৫৫টা স্থানত আৰক্ষীৰ অভিযান চলে। মুঠতে ১১৫টা সুৰাপান কৰি গাড়ী চলোৱা ঘটনা ধৰা পৰে।