মহানগৰ আৰক্ষীয়ে মুকলি কৰিছে দুটা বিশেষ হেল্পলাইন নম্বৰ ক্ৰমে—
6026901246 আৰু 6026901247।
এই নম্বৰত ফোন অথবা হোৱাটছএপ কৰি নাগৰিকসকলে যিকোনো অসুবিধাত পৰিলে আৰক্ষীৰ সহায় ল’ব পাৰিব ।
তদুপৰি কিবা অভিযোগ থাকিলেও অভিযোগ দিব পাৰিব। উক্ত ব্যক্তিৰ পৰিচয় গোপনে ৰখা হ’ব ।
এই দুয়োটা নম্বৰ ২৪ ঘণ্টাই সক্ৰিয় হৈ থাকিব ।
মহানগৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙে ঘোষণা কৰিলে এই কথা।
চুপাৰী চিণ্ডিকেট সন্দৰ্ভতো মহানগৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙৰ গুৰুত্বপূৰ্ণ মন্তব্য ।
ৰাজ্যত ক্ৰমাত বৃদ্ধি হৈছে চুপাৰি চিণ্ডিকেট।
ম্যানমাৰৰ পৰা মিজোৰাম হৈ অসমত প্ৰৱেশ কৰে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰি ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এই চিণ্ডিকেট বন্ধৰ বাবে কাম কৰি আছে অসম আৰক্ষীয়ে।
ক্ৰাইম ব্ৰাঞ্চৰ দ্বাৰা চলোৱা হৈছিল এই চিণ্ডিকেট বিৰোধী অভিযান।
খবৰ পোৱা গৈছে কিছু আৰক্ষী বিষয়াও এই চিণ্ডিকেটত জড়িত আছে
কাছাৰ,কৰিমগঞ্জৰ পৰা ১০ জন আৰক্ষী বিষয়াক গুৱাহাটীলৈ তলব কৰা হৈছে।ইয়াত ঢলাই,ৰংগীৰশাৰী, তাৰাপুৰ আদি থানাৰ বিষয়া আছে।
তেওঁলোকৰ সৈতে বিষয়টোৰ ওপৰত পৰ্যলোচনা কৰিব শীৰ্ষ আৰক্ষী বিষয়াই। যাতে কোন কোন বিষয়া জড়িত আছে সেয়া স্পষ্ট হয়।
চৰকাৰী যিকোনো বিষয়া জড়িত থাকিলেও এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
গুৱাহাটীৰ গীতানগৰত গ্ৰেপ্তাৰ কৰা হৈছে বিদ্যুৎ সিনহা নামৰ এজন লোক।তেওঁ লাহে লাহে এই চিণ্ডিকেটত জড়িত হৈ পৰিছিল।
এই সংক্ৰান্তত 1/22 নম্বৰত IPC 120B/379/411/465/468/471 ধাৰাত ৰুজু হৈছে এটা গোচৰ।
তেওঁ কয় যে অসমত কোনেও ছিণ্ডিকেট কৰিব নোৱাৰিব ।
কোনো ধৰণৰ অপৰাধ মানি লোৱা নহ’ব বুলিও তেওঁ সকিয়াই দিয়ে।
মেঘদূত ভৱনত সংঘটিত চুৰি কাণ্ডৰ মূল অভিযুক্তক চিনাক্ত কৰা হৈছে
দুটামান বাকচৰ কিছু সামগ্ৰী নোহোৱা হৈছে বুলি কোৱা হৈছে
কিন্তু কি বস্তু নোহোৱা হৈছে সেই বিষয়ে এতিয়াও আৰক্ষীক জনোৱা নাই মেঘদূত ভৱনৰ তৰফৰপৰা
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আৰক্ষী থানাসমূহলৈ বিশেষ সকাহ
সমগ্ৰ অসমৰ ৩৩০ খন থানাৰ OC সকললৈ প্ৰেৰণ কৰা হ’ব একোখনকৈ নতুন বলেৰ’
ইতিমধ্যে চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত মজুত কৰি ৰখা হৈছে শতাধিক নতুন বলেৰ” বাহন
IPL জুৱা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ অভিযান।
তিনিজন অভিযুক্তক বিচাৰি আৰক্ষীয়ে চলাই আছে অভিযান।
বৰ্তমান পলাতক অৱস্থাত আছে তিনিও অভিযুক্ত ইয়াৰে এজন ৰাজস্থান,এজন অভিযুক্ত দক্ষিণ ভাৰতত থকাৰ সম্ভেদ পাইছে আৰক্ষীয়ে।
শীঘ্ৰে এই তিনিওজন অভিযুক্তক কৰায়ত্ত কৰা হ’ব বুলি মন্তব্য আৰক্ষী আয়ুক্ত হৰমীত সিঙৰ ।