বুধবাৰে গুৱাহাটীত এক ৰাজনৈতিক অনুষ্ঠানত কৰ্তব্যৰত সাংবাদিকসকলৰ ওপৰত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰা কাৰ্যক গুৱাহাটী প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিয়ে।
অনুষ্ঠানটোত সাংবাদিক আৰু ভিডিঅ’-সাংবাদিকসকল গোট খোৱা ঠাইত কন্দুৱা গেছ ব্যৱহাৰ কৰা হৈছিল। যাৰ ফলত কেইবাজনো সাংবাদিক আহত হোৱাৰ লগতে চিকিৎসা গ্ৰহণ কৰিবলগীয়া হয়।
দেখা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্তব্যৰত সাংবাদিকসকলে নিয়মিতভাৱে এনে কাণ্ডৰ বলি হৈ আহিছে।
গুৱাহাটী প্ৰেছ ক্লাবে আৰক্ষী প্ৰশাসনক এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ আহ্বান জনাইছে। কৰ্তব্যৰত অৱস্থাত সাংবাদিকক বাৰে বাৰে কৰা আক্ৰমণৰ প্ৰতিবাদ স্বৰূপে বৃহস্পতিবাৰে সকলো সংবাদ কৰ্মীক ক’লা বেজ পৰিধান কৰিবলৈ গুৱাহাটী প্ৰেছ ক্লাবে আহ্বান জনাইছে।