NORTHEAST NOW (Assamese)

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

January 18, 2021 7:03 am · এন ই নাও নিউজ

গুৱাহাটী প্ৰেছ ক্লাব সভাকক্ষত যোৱা ১৬ জানুৱাৰীত আয়োজিত এক সংবাদমেলত নতুনকৈ প্ৰযোজনা কৰা চলচিত্ৰ এখনৰ প্ৰযোজনা গোষ্ঠীৰ কৰ্মকৰ্তাই ‘আমাৰ অসম’ ৰ সাংবাদিক নিপা কাকতিক দুৰ্ব্যৱহাৰ কৰা কাৰ্যক গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক কমিটীয়ে তীব্ৰ গৰিহনা দিয়ে ৷

কমিটীৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে এক বিবৃতি যোগে দোষীক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় ৷

ইতিমধ্যে ভুক্তভোগী সাংবাদিকগৰাকীয়ে আৰক্ষীৰ ওচৰত ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ পিছত তদন্তৰ ক্ষেত্ৰত গুৱাহাটী প্ৰেছ ক্লাবে আৰক্ষীক সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াব বুলি বিবৃতিটোত উল্লেখ কৰা হয় ৷

লগতে গুৱাহাটী প্ৰেছ ক্লাবৰ সকলো সদস্য তথা গুৱাহাটীত কৰ্মৰত সাংবাদিক আৰু সংবাদকৰ্মীৰ বাক স্বাধীনতা আৰু সুৰক্ষাৰ স্বাৰ্থত গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক কমিটীয়ে মাত মাতি যাব বুলি বিবৃতিটোত স্পষ্ট কৰি দিয়ে সভাপতি আৰু সাধাৰণ সম্পাদকে ৷

Related News