NORTHEAST NOW (Assamese)

মালিগাঁৱত কৰ্মৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু ৰে’লৱে’ কৰ্মচাৰীৰ

September 12, 2018 9:41 pm · এন ই নাও নিউজ

কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ বুধবাৰে শোকাৱহ মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে ৰে’ল বিভাগৰ আনন্দ চন্দ্ৰ বড়ো নামৰ এজন কৰ্মচাৰীয়ে। মহানগৰীৰ মালিগাঁৱৰ উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ মুখ্য কাৰ্য্যালয়ত সংঘটিত হ’ল এই কৰুণ ঘটনা।

মৃত বড়ো মালিগাঁওস্থিত কাৰ্যালয়ৰ বৈদ্যুতিক শাখাৰ কৰ্মচাৰী আছিল।

জানিব পৰা মতে মালিগাঁৱৰ নামবাড়ীত বিদ্যুতৰ কাম কৰি থকা অৱস্থাতে কৰ্মচাৰীজন হঠাৎ বিদ্যুৎস্পৃষ্ট হয় আৰু ফলত তেওঁৰ মৃত্যু হয়।

ইপিনে বুধবাৰে দিনৰ ভাগত সংঘটিত ভূমিকম্পৰ ফলত বিদ্যুৎ সংযোগী তাঁৰৰ বিসংগতিৰ ফলতে ঘটনাটো ঘটা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশ লোকে।

মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লোকজনৰ মৃতদেহ প্ৰেৰণ কৰা হৈছে।

Related News