গুৱাহাটী শোধনাগাৰ চিকিৎসালয়ত নাৰ্চক যৌন নিৰ্যাতনৰ অপচেষ্টা চিকিৎসকৰ, গোচৰ ৰুজু

sexuall harassment by doctor in Assam

গুৱাহাটী শোধনাগাৰ চিকিৎসালয়ত এগৰাকী নাৰ্চক যৌন নিৰ্যাতন কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এজন চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে নিশা চিকিৎসালয়ৰ ২ নং কেবিনত এগৰাকী নাৰ্চক যৌন নিৰ্যাতন কৰাৰ চেষ্টা চলাইছিল গুৱাহাটী শোধনাগাৰ চিকিৎসালয়ৰ ডাঃ ভাস্কৰ বৰুৱাই।

চিকিৎসালয়ত চিকিৎসাধীন এগৰাকী বৃদ্ধ মহিলাৰ সহায়ৰ বাবে এটা এনজিঅ’ৰ কৰ্মচাৰী নাৰ্চগৰাকী চিকিৎসালয়ত আছিল।

অভিযুক্ত চিকিৎসক ভাস্কৰ বৰুৱাই কেবিনৰ দুৱাৰ বন্ধ কৰি নাৰ্চগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলায় যদিও নাৰ্চগৰাকী কোঠাটোৰ পৰা পলাই যাবলৈ সক্ষম হয়।

যৌন নিৰ্যাতন চেষ্টা চলোৱাৰ সময়ত চিকিৎসকজন সুৰাৰ নিচাত আছিল বুলি অভিযোগ কৰা হৈছে।

নুনমাতী আৰক্ষী থানাত নাৰ্ছগৰাকীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত গুৱাহাটী শোধনাগাৰ চিকিৎসালয়ৰ চিকিৎসকজনৰ বিৰুদ্ধে ৩৫৪ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

আনহাতে এই নিৰ্লজ কাণ্ডৰ পিছৰে পৰা অভিযুক্ত ভাস্কৰ বৰুৱা পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে বৃহস্পতিবাৰে গীতা নগৰ অঞ্চলত চিকিৎসকজনৰ বাসগৃহত তালাচী চলাইছিল যদিও তেওঁৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়।