• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীৰ ৰ’পৱে’: ২৭ কোটি টকাৰ প্ৰকল্পত সৰকালে ৫৫ কোটি, ১২ বছৰে নহ’ল সম্পূৰ্ণ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2018 11:08 am
288
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ ৰ’পৱে প্ৰকল্পৰ বাবে ধন নিৰ্দ্ধাৰণ কৰা হৈছিল ২৭ কোটি ৭৩ লাখ টকা। কিন্তু পৰৱৰ্তী পৰ্য্যায়ত ৰাইটছে এই ধনৰ পৰিমাণ পৰিকল্পিতভাৱে ২৮ কোটি টকা বৃদ্ধি কৰি ইয়াৰ পৰিমাণ ৫৫ কোটি টকা কৰিলে। শনিবাৰে এই অভিযোগ উত্থাপন কৰিছে আৰ টি আই কৰ্মী ভবেন সন্দিকৈয়ে।

‘এই ৰ’পৱে’ নিৰ্মাণৰ নামত বিভিন্ন সময়ত অসম চৰকাৰৰ পৰা কেইবাটাও কিস্তিত ৰ’পৱে’ কনষ্ট্ৰাকচন লিমিটেড আৰু ৰাইটচ নামৰ প্ৰতিষ্ঠানটোৱে ২৯ কোটি ১২ লাখ টকা ইতিমধ্যে আদায় কৰিছে,’ সন্দিকৈৰ দাবী।

তেওঁ কয় ‘ৰ’পৱে কনষ্ট্ৰাকচনে প্ৰথম কিস্তিত ৮ কোটি টকা দ্বিতীয় কিস্তিত ১১ কোটি ৪৭ লাখ টকা, ততীয় কিস্তিত ২১ লাখ ৯০ হাজাৰ টকা, চতুৰ্থ কিস্তিত ৮৫ লাখ ১৪ হাজাৰ টকা, পঞ্চমতে ২ কোটি ৫২ লাখ ৫৪ হাজাৰ টকা আৰু ষষ্ঠ কিস্তিত ৪ কোটি ৬ লাখ ৮৮ হাজাৰ টকা আদায় কৰিছে।‘

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে নিৰ্মাণৰ বাবে ২০০৬ চনত কংগ্ৰেছ চৰকাৰৰ দিনতে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ২০০৯ চনত তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰি ৰ’পৱে’ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। লগতে ৰাইটছ নামৰ এটা ভাৰত চৰকাৰৰ অধীনৰ সংস্থাক ৰ’পৱে’ নিৰ্মাণৰ বাবে চৰকাৰে দায়িত্ব অৰ্পণ কৰিছিল।

‘সেই সময়ৰ গুৱাহাটী উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশিসধন্য হোৱাৰ বাবে ৰাইটছ নামৰ সংস্থাটোকে এই দায়িত্ব দিয়া হৈছিল,’ শনিবাৰে গুৱাহাটীত এক সংবাদ মেলত দাবী আৰ টি আই কৰ্মীজনৰ।

২০০৬ চনত ৰাইটছক ডিপিআৰ প্ৰস্তুতিৰ দায়িত্ব দিয়া হৈছিল বুলি জানিবলৈ দি তেওঁ লগতে কয়, ‘তাৰ ওপৰত ভিত্তি কৰিয়ে ২০০৯ চনত আধাৰশিলা স্থাপন কৰিছিল যদিও ২০১১ চনত ভাৰতীয় প্ৰত্নতাত্বিক অধ্যয়ন বিভাগে উৰ্বশী আৰু উমানন্দৰ দৰে দুটাকৈ ঐতিহাসিক সম্পদ থকাৰ বাবে ৰ’পৱে’ নিৰ্মাণৰ কাম বন্ধ কৰাৰ বাবে নিৰ্দেশনা দিছিল।‘

পৰৱৰ্তী পৰ্য্যায়ত ২০১৫ চনত National Monument Authorityএ স্থানটো সলনি কৰি পুনৰ নিৰ্মাণ কৰাৰ বাবে অনুমতি প্ৰদান কৰে বুলি সন্দিকৈয়ে কয়।

আনহাতে ডিপিআৰ প্ৰস্তুতিৰ নামত ৰাইটছ নামৰ প্ৰতিষ্ঠানটোৱে ১ কোটি ৯৩ লাখ ৩৩ হাজাৰ ২৭ টকা অসম চৰকাৰৰ পৰা উলিয়াই নিছে বুলিও তেওঁ দাবী কৰে।

সন্দিকৈয়ে লগতে অভিযোগ তোলে যে ৰাইটছৰে সহযোগী সংস্থা চানাকা কনষ্ট্ৰাকচনেও ৬ লাখ ১০ হাজাৰ ৪৯ টকা ইতিমধ্যে অসম চৰকাৰৰ পৰা আদায় কৰিছে।

ৰ’পৱে’ নিৰ্মাণৰ ধন ২৭ কোটি ৭৩ লাখৰ পৰা ৫৫ কোটিলৈ বৃদ্ধি কৰিও বৰ্তমানলৈকে নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱৰা বিষয়টো সন্দেহ প্ৰকাশ কৰে সন্দিকৈয়ে।

তেওঁ আমাৰ আগত কৰা অভিযোগ অনুসৰি ‘ডিপিআৰ প্ৰস্তুতিত খেলি-মেলি থকাৰ বাবে ২০০৬ চনতে আৰম্ভ হোৱা এই কাম বৰ্তমানো সম্পূৰ্ণ নহ’ল।

তেওঁ লগতে কয় ‘ঠাই নিৰ্বাচন কৰাত খেলি-মেলি কৰাৰ বাবেও ভাৰতীয় প্ৰত্নতত্ব বিভাগে পূৰ্বৰ স্থানত ৰ’পৱে’ নিৰ্মাণ কৰিবলৈ নিদিলে।‘

দীৰ্ঘকাল ধৰি জিএমডিএ’ৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰি আৰ টি আই কৰ্মীগৰাকীয়ে কয় যে তেওঁৰ বাবেই এই বৃহৎ পৰিমাণৰ ধন অসমবাসীৰ হাতৰ পৰা যাবলগীয়া হ’ল।

ৰাইটছ নামৰ ভাৰত চৰকাৰৰ সংস্থাটোৰ সৈতে সেইসময়ৰ দক্ষ মন্ত্ৰীৰ কিবা কমিছনৰ অংক আছিল নেকি বুলিও প্ৰশ্ন কৰে আৰ টি আই কৰ্মীজনে। তেওঁ কয় ‘হিমন্ত বিশ্ব শৰ্মাৰ কমিছনৰ অংকৰ বাবেই ৰ’পৱে’ নিৰ্মাণৰ সামগ্ৰিক প্ৰকল্পৰ কাম বৰ্তমানো সম্পূৰ্ণ হৈ নুঠিল।‘

শেহতীয়াকৈ সংঘটিত নৌ দুৰ্ঘটনাত বহু লোকৰ মৃত্যুৰ ঘটনাটো ৰ’পৱে’ নিৰ্মাণ নোহোৱাৰ ফলতেই সংঘটিত হোৱা বুলি দাবী কৰে সন্দিকৈয়ে।

তেওঁ লগতে কয় ‘গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱেটো হোৱাহেঁতেন ঘন্টাত ২৫০ জন ব্যক্তি সেইফালেদি অহা-যোৱা কৰিব পাৰিলেহেঁতেন। তেতিয়া ভুট-ভুটীৰ দুৰ্ঘটনা হ’বলৈ নাপালেহেঁতেন।‘

আনহাতে ১.৮ কিল’মিটাৰ দৈৰ্ঘ্যৰ ৰ’পৱে’ নিৰ্মাণত ইমানখিনি সময়ৰ প্ৰয়োজন নহয় বুলি মন্তব্য কৰি তেওঁ লগতে কয়, ‘কাৰ্বি আংলঙৰ ডিৰাই পৰ্বতৰ পৰা বোকাজানলৈ সংযোগী ৩৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ ৰ’পৱে’ নিৰ্মাণত মাত্ৰ দুবছৰ লাগিছিল। ২০০৬ চনতে ৰ’পৱে’ নিৰ্মাণৰ সিদ্ধান্ত লৈ ২০১৮ চনলৈকে নিৰ্মাণ নহ’ল, কিন্তু ২ বছৰৰ ভিতৰত পৃথিৱীৰ বিভিন্ন ঠাইত ৰ’পৱে’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ উদাহৰণো আছে।‘
কটনৰ ২গৰাকীকৈ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হোৱাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দোষাৰোপ কৰি তেওঁ কয়, ‘যিজন মন্ত্ৰীৰ ভুলৰ বাবেই কটনৰ দুগৰাকীকৈ ছাত্ৰীয়ে মৃত্যুক সাবটি ল’বলগীয়া হ’ল, সেই একেজন মন্ত্ৰীয়ে দুৰ্ভগীয়া পৰিয়াল দুটাৰ কাষলৈ গৈ ঘঁৰিয়ালৰ চকুপানী টুকিছে।‘

আৰ টি আই কৰ্মীগৰাকীয়ে  ৰ’পৱে’ নিৰ্মাণৰ কাম লেহেমীয়া হোৱা বিষয়টোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ দাবীৰ লগতে এক উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd