• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ ৰ’পৱে’: ২৭ কোটি টকাৰ প্ৰকল্পত সৰকালে ৫৫ কোটি, ১২ বছৰে নহ’ল সম্পূৰ্ণ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2018 11:08 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ ৰ’পৱে প্ৰকল্পৰ বাবে ধন নিৰ্দ্ধাৰণ কৰা হৈছিল ২৭ কোটি ৭৩ লাখ টকা। কিন্তু পৰৱৰ্তী পৰ্য্যায়ত ৰাইটছে এই ধনৰ পৰিমাণ পৰিকল্পিতভাৱে ২৮ কোটি টকা বৃদ্ধি কৰি ইয়াৰ পৰিমাণ ৫৫ কোটি টকা কৰিলে। শনিবাৰে এই অভিযোগ উত্থাপন কৰিছে আৰ টি আই কৰ্মী ভবেন সন্দিকৈয়ে।

‘এই ৰ’পৱে’ নিৰ্মাণৰ নামত বিভিন্ন সময়ত অসম চৰকাৰৰ পৰা কেইবাটাও কিস্তিত ৰ’পৱে’ কনষ্ট্ৰাকচন লিমিটেড আৰু ৰাইটচ নামৰ প্ৰতিষ্ঠানটোৱে ২৯ কোটি ১২ লাখ টকা ইতিমধ্যে আদায় কৰিছে,’ সন্দিকৈৰ দাবী।

Apply Now

তেওঁ কয় ‘ৰ’পৱে কনষ্ট্ৰাকচনে প্ৰথম কিস্তিত ৮ কোটি টকা দ্বিতীয় কিস্তিত ১১ কোটি ৪৭ লাখ টকা, ততীয় কিস্তিত ২১ লাখ ৯০ হাজাৰ টকা, চতুৰ্থ কিস্তিত ৮৫ লাখ ১৪ হাজাৰ টকা, পঞ্চমতে ২ কোটি ৫২ লাখ ৫৪ হাজাৰ টকা আৰু ষষ্ঠ কিস্তিত ৪ কোটি ৬ লাখ ৮৮ হাজাৰ টকা আদায় কৰিছে।‘

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে নিৰ্মাণৰ বাবে ২০০৬ চনত কংগ্ৰেছ চৰকাৰৰ দিনতে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ২০০৯ চনত তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰি ৰ’পৱে’ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। লগতে ৰাইটছ নামৰ এটা ভাৰত চৰকাৰৰ অধীনৰ সংস্থাক ৰ’পৱে’ নিৰ্মাণৰ বাবে চৰকাৰে দায়িত্ব অৰ্পণ কৰিছিল।

‘সেই সময়ৰ গুৱাহাটী উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশিসধন্য হোৱাৰ বাবে ৰাইটছ নামৰ সংস্থাটোকে এই দায়িত্ব দিয়া হৈছিল,’ শনিবাৰে গুৱাহাটীত এক সংবাদ মেলত দাবী আৰ টি আই কৰ্মীজনৰ।

২০০৬ চনত ৰাইটছক ডিপিআৰ প্ৰস্তুতিৰ দায়িত্ব দিয়া হৈছিল বুলি জানিবলৈ দি তেওঁ লগতে কয়, ‘তাৰ ওপৰত ভিত্তি কৰিয়ে ২০০৯ চনত আধাৰশিলা স্থাপন কৰিছিল যদিও ২০১১ চনত ভাৰতীয় প্ৰত্নতাত্বিক অধ্যয়ন বিভাগে উৰ্বশী আৰু উমানন্দৰ দৰে দুটাকৈ ঐতিহাসিক সম্পদ থকাৰ বাবে ৰ’পৱে’ নিৰ্মাণৰ কাম বন্ধ কৰাৰ বাবে নিৰ্দেশনা দিছিল।‘

পৰৱৰ্তী পৰ্য্যায়ত ২০১৫ চনত National Monument Authorityএ স্থানটো সলনি কৰি পুনৰ নিৰ্মাণ কৰাৰ বাবে অনুমতি প্ৰদান কৰে বুলি সন্দিকৈয়ে কয়।

আনহাতে ডিপিআৰ প্ৰস্তুতিৰ নামত ৰাইটছ নামৰ প্ৰতিষ্ঠানটোৱে ১ কোটি ৯৩ লাখ ৩৩ হাজাৰ ২৭ টকা অসম চৰকাৰৰ পৰা উলিয়াই নিছে বুলিও তেওঁ দাবী কৰে।

সন্দিকৈয়ে লগতে অভিযোগ তোলে যে ৰাইটছৰে সহযোগী সংস্থা চানাকা কনষ্ট্ৰাকচনেও ৬ লাখ ১০ হাজাৰ ৪৯ টকা ইতিমধ্যে অসম চৰকাৰৰ পৰা আদায় কৰিছে।

ৰ’পৱে’ নিৰ্মাণৰ ধন ২৭ কোটি ৭৩ লাখৰ পৰা ৫৫ কোটিলৈ বৃদ্ধি কৰিও বৰ্তমানলৈকে নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱৰা বিষয়টো সন্দেহ প্ৰকাশ কৰে সন্দিকৈয়ে।

তেওঁ আমাৰ আগত কৰা অভিযোগ অনুসৰি ‘ডিপিআৰ প্ৰস্তুতিত খেলি-মেলি থকাৰ বাবে ২০০৬ চনতে আৰম্ভ হোৱা এই কাম বৰ্তমানো সম্পূৰ্ণ নহ’ল।

তেওঁ লগতে কয় ‘ঠাই নিৰ্বাচন কৰাত খেলি-মেলি কৰাৰ বাবেও ভাৰতীয় প্ৰত্নতত্ব বিভাগে পূৰ্বৰ স্থানত ৰ’পৱে’ নিৰ্মাণ কৰিবলৈ নিদিলে।‘

দীৰ্ঘকাল ধৰি জিএমডিএ’ৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰি আৰ টি আই কৰ্মীগৰাকীয়ে কয় যে তেওঁৰ বাবেই এই বৃহৎ পৰিমাণৰ ধন অসমবাসীৰ হাতৰ পৰা যাবলগীয়া হ’ল।

ৰাইটছ নামৰ ভাৰত চৰকাৰৰ সংস্থাটোৰ সৈতে সেইসময়ৰ দক্ষ মন্ত্ৰীৰ কিবা কমিছনৰ অংক আছিল নেকি বুলিও প্ৰশ্ন কৰে আৰ টি আই কৰ্মীজনে। তেওঁ কয় ‘হিমন্ত বিশ্ব শৰ্মাৰ কমিছনৰ অংকৰ বাবেই ৰ’পৱে’ নিৰ্মাণৰ সামগ্ৰিক প্ৰকল্পৰ কাম বৰ্তমানো সম্পূৰ্ণ হৈ নুঠিল।‘

শেহতীয়াকৈ সংঘটিত নৌ দুৰ্ঘটনাত বহু লোকৰ মৃত্যুৰ ঘটনাটো ৰ’পৱে’ নিৰ্মাণ নোহোৱাৰ ফলতেই সংঘটিত হোৱা বুলি দাবী কৰে সন্দিকৈয়ে।

তেওঁ লগতে কয় ‘গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱেটো হোৱাহেঁতেন ঘন্টাত ২৫০ জন ব্যক্তি সেইফালেদি অহা-যোৱা কৰিব পাৰিলেহেঁতেন। তেতিয়া ভুট-ভুটীৰ দুৰ্ঘটনা হ’বলৈ নাপালেহেঁতেন।‘

আনহাতে ১.৮ কিল’মিটাৰ দৈৰ্ঘ্যৰ ৰ’পৱে’ নিৰ্মাণত ইমানখিনি সময়ৰ প্ৰয়োজন নহয় বুলি মন্তব্য কৰি তেওঁ লগতে কয়, ‘কাৰ্বি আংলঙৰ ডিৰাই পৰ্বতৰ পৰা বোকাজানলৈ সংযোগী ৩৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ ৰ’পৱে’ নিৰ্মাণত মাত্ৰ দুবছৰ লাগিছিল। ২০০৬ চনতে ৰ’পৱে’ নিৰ্মাণৰ সিদ্ধান্ত লৈ ২০১৮ চনলৈকে নিৰ্মাণ নহ’ল, কিন্তু ২ বছৰৰ ভিতৰত পৃথিৱীৰ বিভিন্ন ঠাইত ৰ’পৱে’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ উদাহৰণো আছে।‘
কটনৰ ২গৰাকীকৈ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হোৱাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দোষাৰোপ কৰি তেওঁ কয়, ‘যিজন মন্ত্ৰীৰ ভুলৰ বাবেই কটনৰ দুগৰাকীকৈ ছাত্ৰীয়ে মৃত্যুক সাবটি ল’বলগীয়া হ’ল, সেই একেজন মন্ত্ৰীয়ে দুৰ্ভগীয়া পৰিয়াল দুটাৰ কাষলৈ গৈ ঘঁৰিয়ালৰ চকুপানী টুকিছে।‘

আৰ টি আই কৰ্মীগৰাকীয়ে  ৰ’পৱে’ নিৰ্মাণৰ কাম লেহেমীয়া হোৱা বিষয়টোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ দাবীৰ লগতে এক উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd